গুৱাহাটী : অৱশেষত অসমত ধৰা পৰিল ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰন। এজন ১৩ বছৰীয়া শিশুসহ অসমত দুজন লোক আক্রান্ত হৈছে অ’মিক্ৰনত। সোণাপুৰৰ এজন ১৩ বছৰীয়া শিশু আৰু হোজাইৰ এজন লোক আক্রান্ত হৈছে অ’মিক্ৰনত।

ৰাজ্যত পুনৰ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। ক’ভিডত নতুনকৈ বহু লোক আক্রান্ত হৈছে। ইয়াৰ মাজতে আহিছে এক বেয়া খবৰ। সমগ্ৰ বিশ্বতে ভয়াবহ ৰূপ ধাৰণ কৰা ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্ৰন অসম আহি পালে। এজন ১৩ বছৰীয়া শিশুসহ অসমত দুজন লোকৰ শৰীৰত ধৰা পৰিছে অ’মিক্ৰন।

বুধবাৰৰ দিনটোত দুজনৰ শৰীৰত অমিক্ৰনৰ অৱস্থিতি ধৰা পৰে। সোণাপুৰৰ এজন ১৩ বছৰীয়া শিশুৰ শৰীৰত প্ৰথমে ধৰা পৰে অমিক্ৰন। সোণাপুৰৰ মুন্না দাস আৰু পূৰ্ণিমা দাসৰ ১৩ বছৰীয়া পুত্ৰৰ শৰীৰত প্ৰথমে ধৰা পৰে অমিক্ৰন।

মুন্না দাস নামৰ লোকজন পৰিয়ালসহ কিছুদিন পূৰ্বে মেঘালয়লৈ গৈছিল আৰু মেঘালয়ত পৰীক্ষা কৰাৰ পিছত মুন্না দাসৰ ১৩ বছৰীয়া পুত্ৰৰ শৰীৰত অমিক্ৰনৰ অৱস্থিতি ধৰা পৰে। ইয়াৰ পিছতে সোণাপুৰত এটা ভাড়া ঘৰত থকা মুন্না দাসৰ ঘৰলৈ স্বাস্থ্য বিভাগৰ লোক আৰু আৰক্ষী উপস্থিত হোৱাত মুন্না দাসৰ পুত্ৰ পলায়ন কৰে।

অমিক্ৰনত আক্ৰান্ত ১৩ বছৰীয়া শিশুটিৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে। আনহাতে বুধবাৰৰ দিনটো অমিক্ৰনত আক্রান্ত আনজন লোক হৈছে হোজাই জিলাৰ। আক্রান্ত লোকজন কিছুদিন পূৰ্বে চৌদি আৰৱৰ পৰা আহিছিল। যোৰহাটত লোকজনৰ পৰীক্ষা কৰা হৈছিল।