গুৱাহাটী, ১ আগষ্ট, ২০২৩ : বিজেপিৰ পৰা সদ্য অপসাৰিত এগৰাকী নেতা আৰু এটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতাৰ মাজত চলা টেলিফোনিক বাৰ্তালাপ ৰাজহুৱা হোৱাৰ পিছতে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্ল’গান দিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত চলি থকা ছিণ্ডিকেটৰ কথা ফাদিল হৈছে। এই টেলিফোনিক বাৰ্তালাপ ৰাজহুৱা হোৱাৰ পিছত ছিণ্ডিকেটৰ সৈতে জিতু দাস নামৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ব্যক্তিগত সহায়ক জড়িত থকাৰ কথা পোহৰলৈ আহিছে বুলি এক সংবাদ মেলত অভিযোগ কৰে আম আদমি পাৰ্টীয়ে (Aam Admi Party)। বৰ্তমানৰ বিজেপি চৰকাৰখন ছিণ্ডিকেটৰ চৰকাৰ বুলি মন্তব্য কৰি আপ, অসমৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই।

আপ, অসমৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই ৰাজ্যত বিজেপিৰ নেতা-পালিনেতা, দালালৰ ছত্ৰছায়াত চলি থকা কাঠৰ ছিণ্ডিকেটৰ তথ্য সদৰী কৰি এখন সংবাদ মেলত কয় যে চুপাৰি, কয়লা, ব্ৰইলাৰ, ম’হৰ সমান্তৰালকৈ অসমৰ মাজেৰে চলি আছে বাৰ্মিজ চেগুন কাঠৰ বৃহৎ ছিণ্ডিকেট। এতিয়া অসমত অৰুণাচল প্ৰদেশ, মিজোৰামৰ পৰা অহা কাঠৰ ছিণ্ডিকেট চলি আছে বুলি মন্তব্য কৰি জিতুল ডেকাই কয় যে জনৈক গোবিন সৰকাৰ নামৰ কাঠ মাফিয়া এগৰাকীৰ নেতৃত্বত চলি আছে এই ছিণ্ডিকেট। এই সন্দৰ্ভত যোৱা ২০২২ চনৰ ১৫ নবেম্বৰত কেইজনমান ভুক্তভোগীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক দিয়া এখন অভিযোগ পত্ৰত এই ছিণ্ডিকেটৰ কথা উল্লেখ কৰিছিল। বৈধ নথি থকাৰ পিছতো কি দৰে গোবিন সৰকাৰ নামৰ কাঠৰ ছিণ্ডিকেটৰ খলনায়কজনক ধন নিদিলে আৰক্ষীৰ দ্বাৰা হাৰাশাস্তি কৰোৱা হয় সেই কথা উল্লেখ আছে অভিযোগ পত্ৰখনত।

এই অভিযোগত সম্পূৰ্ণ ঘটনা বৰ্ণনা কৰাৰ পিছতো আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে মুখ্যমন্ত্ৰীৰ আৰক্ষী বিভাগে। এতিয়া প্ৰশ্ন হ’ল কোন এই গোবিন সৰকাৰ? এওঁ নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, নে আৰ এছ এছৰ মানুহ, যাৰ নাম আৰক্ষী সঞ্চালক প্রধানক জনোৱাৰ সাত মাহ অতিক্ৰম কৰিলে। অথচ কোনো ব্যৱস্থা লোৱা নাই। আনহাতে এই পত্ৰখনতেই উল্লেখ আছিল আন এগৰাকী কাঠ মাফিয়া জিতু দাসৰ নাম। ৭ মাহ পূৰ্বেই ভুক্তভোগীয়ে নাম উল্লেখ কৰা এইগৰাকী জিতু দাসৰ নাম এতিয়া ৰাজহুৱা হ’ল শাসকীয় বিজেপি দলৰ নেতাৰ টেলিফোনিক বাৰ্তাত। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ঘনিষ্ঠ এইজন জিতু দাসৰ বিৰুদ্ধে ৭ মাহ পূৰ্বে ছিণ্ডিকেটত জড়িত থকাৰ অভিযোগ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে ব্যবস্থা লোৱা নাই। এই অভিযোগে কিয় গুৰুত্ব নাপালে বুলি প্ৰশ্ন কৰে আপৰ নেতা গৰাকীয়ে।

শেহতীয়াকৈ ডিফু থানালৈ জেৰা।চলোৱা জিতু দাসক আকৌ মুখ্যমন্ত্ৰীয়ে ক্লীনশ্বিট দি তেওঁক সাক্ষী বুলিহে কৈছে। সাক্ষীক অপৰাধী সজাব নাপায় বুলি কৈছে মুখ্যমন্ত্ৰীয়ে। ইয়াৰ পৰাই বুজা যায় অসমত ছিণ্ডিকেটৰ গুৰিবঠা আচলতে কাৰ হাতত আছে বুলি কয় আপৰ নেতা গৰাকীয়ে। আনহাতে মঙলদৈৰ এখন বিদ্যালয়ত বজৰং দলে বন্দুক, পিষ্টল চলোৱাৰ প্ৰশিক্ষণ দিয়া ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জিতুল ডেকাই কয় যে যি সময়ত গৰমৰ বন্ধ উপলক্ষে একাংশ বিদ্যালয়ত বিভিন্ন অনুষ্ঠানে বিনামূলীয়া পাঠদান কাৰ্যসূচী সম্পন্ন কৰিছে, সেই সময়তে চৰকাৰৰ পৰোক্ষ পৃষ্ঠপোষকতাত মঙলদৈৰ বিদ্যালয়ত বজৰং দলে চলাইছে বন্দুক, পিষ্টল চলোৱাৰ প্ৰশিক্ষণ। চৰকাৰৰ বিৰুদ্ধে মাত মাতিলে দল, সংগঠনৰ নেতাক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি গ্ৰেপ্তাৰ কৰা চৰকাৰখনে মুকলিকৈ আগ্নেয়াস্ত্ৰ চলোৱাৰ প্ৰশিক্ষণ দিয়া এজনো লোকক এতিয়ালৈ গ্ৰেপ্তাৰ কৰা নাই কিয়? প্ৰশিক্ষণ দিবলৈ ইমানবোৰ পিষ্টল, বন্দুক আহিল কৰ পৰা? মঙলদৈ বিদ্যালয়ত এনে প্ৰশিক্ষণ দিবলৈ আৰক্ষী প্ৰশাসনে অনুমতি দিছিল নেকি? যদি দিছিল সেই অনুমতি দিয়া আৰক্ষীক গ্ৰেপ্তাৰ কৰা নাই কিয়?

ইয়াৰ দ্বাৰা প্ৰমাণ হৈছে যে এই প্ৰশিক্ষণ সম্পূৰ্ণ চৰকাৰৰ পৃষ্ঠপোষকতাত হৈছিল। মাদ্ৰাছাত অস্ত্ৰ চলোৱাৰ প্ৰশিক্ষণ দিয়া হয় বুলি বিজেপিৰ নেতাসকলে কোৱা কথা ৰাইজে শুনিছিল, কিন্তু এতিয়া বজৰং দলে বিদ্যালয়ত গুলী চলোৱাৰ প্ৰশিক্ষণ দিয়া দেখা পালে ৰাইজে। আচলতে মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে এনে ঘটনাৰ দ্বাৰা ২০২৪ ৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ পৰিস্থিতি বিষাক্ত কৰাৰ, সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ অপচেষ্টা চলাইছে । কিন্তু বিজেপি, আৰ এছ এছৰ এই পৰিকল্পনা সফল নহ’ব।সংবাদ মেলত আপ অসমৰ যুটীয়া সম্পাদক অম্লানজ্যোতি হাতীবৰুৱা আৰু মুখপাত্ৰ অনুৰূপা ডেকাৰজাও উপস্থিত থাকে।