তামুলপুৰ, ২১ ছেপ্টেম্বৰ, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। ৮ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত থকাৰ মাজতে এইবাৰ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক পৰিল জালত।

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল নাগ্ৰীজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল নাগ্ৰীজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক গৰাকী। ৮ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে নাগ্ৰীজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জ্যোতিৰ্ময় বৰুৱা। অংগণবাড়ী কৰ্মীৰ চাকৰি দিয়াৰ নামত ১ লাখ টকাৰ উৎকোচ দাবী কৰিছিল নাগ্ৰীজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জ্যোতিৰ্ময় বৰুৱা।

এজন লোকৰ কন্যাক অংগণবাড়ী কৰ্মীৰ চাকৰি দিয়াৰ নামত ১ লাখ টকা দাবী কৰিছিল নাগ্ৰীজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জ্যোতিৰ্ময় বৰুৱাই। নাগ্ৰীজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জ্যোতিৰ্ময় বৰুৱাই উৎকোচ দাবী কৰা লোকজন কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ। লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত নাগ্ৰীজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জ্যোতিৰ্ময় বৰুৱক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ৰঙিয়াত অভিযান চলাই জ্যোতিৰ্ময় বৰুৱাক জালত পেলাবলৈ সক্ষম হয়।

নাগ্ৰীজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জ্যোতিৰ্ময় বৰুৱাৰ কবলৰ পৰা উৎকোচৰ ৮ হাজাৰ টকাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে নাগ্ৰীজুলি সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক জ্যোতিৰ্ময় বৰুৱক গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৭১/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।