গুৱাহাটী, ২১ ছেপ্টেম্বৰ, ২০২৩ : অসমত অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছৰ পৰিচালনৰ লগে লগে উত্তৰ-পূৰ্ব্বাঞ্চলৰ (North East), বিশেষকৈ অসমৰ লোকসকলে দ্ৰুতগতিৰ সৈতে আৰামদায়ক ৰে’ল ভ্ৰমণৰ অভিজ্ঞতা লাভ কৰিছে। স্বদেশীভাৱে নিৰ্মিত বন্দে ভাৰত এক্সপ্ৰেছে দেশত ৰে’ল ভ্ৰমণৰ ক্ষেত্ৰত পৰিৱৰ্তন আনিছে।

উত্তৰ-পূৰ্ব্বাঞ্চলৰ প্ৰথমখন বন্দে ভাৰত ২০২৩ চনৰ ২৯ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল। বন্দে ভাৰত ৰে’লখনে উদ্বোধনৰ সময়ৰ পৰাই আৰম্ভণি ষ্টেচনৰ লগতে যাত্ৰাপথৰ ষ্টেচনসমূহত ব্যতিক্ৰমী আসন পৰিপূৰ্ণতাৰ হাৰ পঞ্জীয়ন কৰিছে। ২২২২৭-২২২২৮ নং ৰেল (নিউ জলপাইগুড়ী-গুৱাহাটী-নিউ জলপাইগুড়ী) বন্দে ভাৰত এক্সপ্ৰেছে নিউ জলপাইগুড়ীক উত্তৰ-পূৰ্ব্বাঞ্চলৰ প্ৰৱেশদ্বাৰ, গুৱাহাটীৰ সৈতে সংযোগ কৰি উভয় দিশৰ যাত্ৰীসকলৰ গড় ভ্ৰমণৰ সময় প্ৰায় ডেৰ ঘণ্টা হ্ৰাস কৰিছে।

নিউ কোচবিহাৰ, নিউ আলিপুৰদুৱাৰ, কোকৰাঝাৰ আৰু নিউ বঙাইগাঁওৰ চতুৰ্দিশৰ বিভিন্ন শ্ৰেণীৰ লোকৰ উপৰিও ট্ৰেডাৰ্চ আৰু ব্যৱসায়ীসকলে আদৰি লোৱা, এই ৰে’ল সেৱাই ইয়াৰ আৰম্ভণিৰ পৰাই উৎকৃষ্ট পৃষ্ঠপোষকতা পঞ্জীয়ন কৰি আহিছে। আৰম্ভনিৰ পৰা ১৩ ছেপ্টেম্বৰ ২০২৩ লৈকে ৰে’ল নং ২২২২৭ (নিউ জলপাইগুড়ী-গুৱাহাটী) বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লখনে ৯৬.৯৩ শতাংশ আসন পৰিপূৰ্ণতা আৰু ৰেল নং ২২২২৮ (গুৱাহাটী-নিউ জলপাইগুড়ী) বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লখনে ৯৩ শতাংশ আসন পৰিপূৰ্ণতা পঞ্জীয়ন কৰিছে।

নতুন যুগৰ এই ৰে’লখনে দুয়োখন ৰাজ্য আৰু চুবুৰীয়া বিভিন্ন চহৰৰ মাজত যোগাযোগ বৃদ্ধি কৰিছে। ৰে’লখন এই পথত সঘনাই ভ্ৰমণ কৰা ৰে’ল যাত্ৰীসকলৰ বাবে এক আশীৰ্বাদ হিচাপে পৰিগণিত হৈছে কিয়নো যাত্ৰীসকলৰ বাবে এই ৰেলখন সুবিধাজনক আৰু সময় ৰাহি কৰাৰ এক বিকল্প।