দৰং, ১২ আগষ্ট, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। মাত্ৰ ৩ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে এগৰাকী কৃষি বিভাগৰ বিষয়া।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত থকাৰ মাজতে এইবাৰ কৃষি বিভাগৰ এগৰাকী বিষয়া পৰিল জালত।

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দৰং জিলাৰ কৃষি বিভাগৰ বিষয়া। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দৰং জিলাৰ কৃষি বিভাগৰ বিষয়া গৰাকী। মাত্ৰ ৩ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে দৰং জিলা কৃষি বিভাগৰ বিষয়া বিদ্যুৎ কুমাৰ তালুকদাৰ। কৃষি বিভাগৰ কামৰ কৰি দিয়াৰ বিনিময়ত এজন লোকৰ পৰা ৩ হাজাৰ টকা দাবী কৰিছিল দৰং জিলা কৃষি বিভাগৰ বিষয়া বিদ্যুৎ কুমাৰ তালুকদাৰে।

দৰং জিলা কৃষি বিভাগৰ বিষয়া গৰাকীয়ে উৎকোচ দাবী কৰা লোকজন কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ। লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত দৰং জিলা কৃষি বিভাগৰ বিষয়া বিদ্যুৎ কুমাৰ তালুকদাৰক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে মঙলদৈস্থিত কৃষি বিভাগৰ কাৰ্যালয়ত অভিযান চলাই বিদ্যুৎ কুমাৰ তালুকদাৰক জালত পেলাবলৈ সক্ষম হয়।

দলং জিলা কৃষি বিভাগৰ বিষয়া গৰাকীৰ কবলৰ পৰা উৎকোচৰ ৩ হাজাৰ টকাৰ লগতে অতিৰিক্ত ২৮ হাজাৰ ৭১০ টকা উদ্ধাৰ কৰি জব্দ কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে দৰং জিলা কৃষি বিভাগৰ বিষয়া বিদ্যুৎ কুমাৰ তালুকদাৰক গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৫৯/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।