আমিনগাঁও, ১২ ছেপ্টেম্বৰ, ২০২৩ : অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ (War Against Drugs) আন এক বৃহৎ সাফল্য। এখন বিলাসী বাহনৰ পৰা জব্দ বুজন পৰিমাণৰ ড্ৰাগছ। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ১৮ কোটি টকা। ড্ৰাগছখিনিৰ লগত আটক ছয়জন ড্ৰাগছ সৰবৰাহকাৰী। অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছ সৰবৰাহৰ চেষ্টা চলাই পুনৰ বুজন পৰিমাণৰ ড্ৰাগছসহ ছয়জন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিল।

মহানগৰীৰ আমিনগাঁৱত এখন বিলাসী বাহনৰ পৰা আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে। বাহনখনৰ পৰা আৰক্ষীয়ে আঢ়ৈ কেজি হে’ৰইন জব্দ কৰিছে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে আমিনগাঁৱত তালাচী চলাই এই বুজন পৰিমাণৰ হে’ৰইন জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত এই বুজন পৰিমাণৰ হে’ৰইনখিনিৰ বজাৰ মূল্য ১৮ কোটি টকা হ’ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

সোমবাৰে বিশেষ অনুসন্ধানকাৰী গোট আৰু কামৰূপ আৰক্ষীৰ এটা দলে যুটীয়াভাৱে অভিযানত চলাই এই সাফল্য লাভ কৰে৷ অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্ত আৰু কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে এখন মহিন্দ্ৰা থাৰ বাহনত তালাচী চলাই বাহনখনৰ গোপন চেম্বাৰত চাবোনৰ বাকচত লুকুৱাই অনা বুজন পৰিমাণৰ হে’ৰইন জব্দ কৰে। ১৭০ টা চাবোনৰ বাকচত লুকুৱাই আনিছিল হে’ৰইনখিনি।

মণিপুৰৰ চুৰাচান্দপুৰৰ পৰা ছয়জন ড্ৰাগছ সৰবৰাহকাৰীয়ে আনিছিল হে’ৰইণখিনি। আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজন হ’ল ক্ৰমে, খলিলুৰ ৰহমান, ইনামুল আলী, আব্দুল আলী, গোগো দোংমো, গোগো হৌকিক, ৰণ মাৰ৷ ইয়াৰে খলিলুৰ ৰহমান নামৰ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজনক জালত পেলাবলৈ আৰক্ষী দীর্ঘদিন ধৰি চেষ্টা চলাই আছিল। উল্লেখ্য যে দুদিন পূৰ্বে যোৰাবাট আৰক্ষীয়ে ২২ কোটি টকা মূল্যৰ হে’ৰইনসহ মণিপুৰৰ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছিল।