গুৱাহাটী, ১৪ ছেপ্টেম্বৰ, ২০২৩ : ৫১৮ গ্ৰাম চোৰাং সোণসহ আটক চাৰি গৰাকীকৈ লোক। এখন বাহনেৰে সোণখিনি লৈ অসমত প্ৰৱেশ কৰিছিল এগৰাকী মহিলাসহ চাৰি গৰাকী লোক। সোণসহ আটক হোৱা লোক সকল দুগৰাকী ৰাজস্থানৰ যোধপুৰৰ আৰু দুগৰাকী মেঘালয়ৰ বাসিন্দা। অধিক তথ্যৰ বাবে আৰক্ষীৰ জেৰা অব্যাহত। এছটিএফ,(STF, Assam) অসমে লাভ কৰে এই সাফল্য।

এছটিএফ বাহিনী আৰু আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ মাজতো ৰাজ্যত অব্যাহত আছে নিচাযুক্ত সামগ্ৰী আৰু চোৰাং সামগ্ৰীৰ সৰবৰাহ। এছটিএফ বাহিনী আৰু আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰি আছে যদিও ড্ৰাগছ সৰবৰাহকাৰী আৰু চোৰাং সামগ্ৰী সৰবৰাহকাৰী অসমৰ মাজেৰে ড্ৰাগছ আৰু চোৰাং সামগ্ৰী সৰবৰাহৰ চেষ্টা চলাই আছে। বৃহস্পতিবাৰে চোৰাং সামগ্ৰী সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই এছটিএফ বাহিনীয়ে আন এক সাফল্য লাভ কৰে।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই এছটিএফ বাহিনীয়ে অবৈধভাৱে সোণ সৰবৰাহ কাৰ চাৰি গৰাকী লোকক আটক কৰে। আটকাধীন চাৰি গৰাকী লোকৰ মাজত এগৰাকী মহিলাও আছে। বৃহস্পতিবাৰে পুৱাৰ ভাগত গোপন খবৰৰ ভিত্তিত এছটিএফ বাহিনীয়ে যোৰাবাটত অভিযান চলাই এই সাফল্য লাভ কৰে। এছটিএফ বাহিনীৰ এই অভিযানত সহযোগ কৰিছিল যোৰাবাট আৰক্ষীৰ এটা দলে।

এছটিএফ বাহিনীয়ে অবৈধভাৱে সোণ সৰবৰাহৰ খবৰ লাভ কৰি পুৱা প্ৰায় ৯.৩০ বজাত যোৰাবাটত অভিযান চলায়। যোৰাবাটত তালাচী অভিযান চলাই অভিযানকাৰী দলটোৱে মেঘালয়ৰ দিশৰ পৰা আহি থকা এমএ-০৫-এন-৮৭১২ নম্বৰৰ হুণ্ডাই এক্সেল বাহনত তালাচী চলাই বাহনখনৰ পৰা অবৈধভাৱে অনা ৫১৮ গ্ৰাম সোণ জব্দ কৰে। সোণখিনি জব্দ কৰাৰ লগতে আৰক্ষীয়ে বাহনখনত থকা চাৰি গৰাকী লোকক আটক কৰে। আটকাধীন লোক চাৰি গৰাকী এগৰাকী মহিলা।

আটকাধীন লোক চাৰি গৰাকী ক্ৰমে ৰাজস্থানৰ যোধপুৰৰ মহম্মদ ইনায়ৎ আলী, মহম্মদ য়ুচুফ, মেঘালয়ৰ শ্বিলঙৰ ভীৰু সিঙ আৰু জন্নাৎ বেগম বুলি চিনাক্ত কৰা হৈছে। আটকাধীন চাৰিও গৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে এছটিএফে বাহিনীয়ে স্থানীয় যোৰাবাট আৰক্ষীক গতাই দিয়ে। এই সংক্ৰান্তত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে। যোৰাবাট আৰক্ষীয়ে অধিক তথ্যৰ বাবে আটকাধীন চাৰিও গৰাকীক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।