নলবাৰী, ১৫ ছেপ্টেম্বৰ, ২০২৩ : এক ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত দুগৰাকী মহিলা (Two Woman Killed in Road Accident)। এখন যাত্ৰীবাহী টেম্পোত ডিআই বাহনে প্ৰচণ্ড জোৰত খুন্দা মৰাত দুগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আহত হয় চাৰি গৰাকী মহিলা। আহত মহিলা কেইগৰাকীক ততাতৈয়াকৈ চিকিৎসালয় লৈ প্ৰেৰণ। দুর্ঘটনাস্থলীৰ পৰা পলায় ডিআই বাহনখনৰ।

শুকুৰবাৰে পুৱাৰ ভাগতে এক ভয়ংকৰ পথ দুর্ঘটনাত প্ৰাণ হেৰুৱাই দুগৰাকী মহিলা। নলবাৰী জিলাৰ মুকালমুৱাত সংঘটিত হৈছে এই শোকাবহ ঘটনা। মুকালমুৱাৰ হাজো-দৌলাশাল পথৰ বৰুৱাপুটাত এখন যাত্ৰীবাহী টেম্পোত এখন ডিআই বাহনে প্ৰচণ্ড জোৰে খুন্দা মৰাত টেম্পোখনত থকা দুগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে চাৰি গৰাকী মহিলা গুৰুত্বৰভাৱে আহত হয়। থিতাতে নিহত হোৱা মহিলা দুগৰাকীৰ নাম মলয়া কাকতি আৰু ৰিংকু বৰ্মন বুলি জানিব পৰা গৈছে।

আনহাতে এই ভয়ংকৰ পথ দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হোৱা মহিলা চাৰি গৰাকীক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। জানিব পৰা মতে মহিলা কেইগৰাকী টেম্পোখনেৰে আমিনগাঁও অভিমুখে গৈ আছিল। মুকালমুৱাৰ বৰুৱাপুটাত যাত্ৰীসহ টেম্পোখন ৰৈ থকা সময়তে এখন ডিআই বাহনে প্ৰচণ্ড জোৰে খুন্দা মাৰে টেম্পোখনত ফলত থিতাতে মলয়া কাকতি আৰু ৰিংকু বৰ্মন নামৰ মহিলা দুগৰাকী নিহত হয়।

ইফালে দুর্ঘটনা সংঘটিত কৰি ডিআই বাহনখন দুর্ঘটনাস্থলীৰ পৰা পলায়ন কৰে। উল্লেখ্য যে বৃহস্পতিবাৰেও মুকালমুৱাত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছিল। মুকালমুৱাৰ কাপলাবড়ীত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে গুৰুত্বৰভাৱে আহত হৈছিল আন এজন লোক। এখন ই ৰিক্সা আৰু এল্টো বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হৈছিল ই ৰিক্সাখনৰ যাত্ৰী মমতাজ আলী আৰু গুৰুত্বৰভাৱে আহত হৈছিল ই ৰিক্সাখনৰ চালক গুলচান্দ আলী।

স্থানীয় লোকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ আহত গুলচান্দ আলীক প্ৰেৰণ কৰিছিল যদিও পৰৱৰ্তী সময়ত ই ৰিক্সা চালক গুলচান্দ আলীক উন্নত চিকিৎসাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাত পতিত হোৱা এল্টো বাহনখনৰ নম্বৰ এএছ-০১-এফএইচ-১৭২৭ আৰু ই ৰিক্সাখনৰ নম্বৰ এএছ-২৫-জিআৰ-৪৫১৭। মুকালমুৱাৰ হাজো-দৌলাশাল পথত এটাৰ পিছত আনটো দুর্ঘটনা সংঘটিত হৈ থাককলৈ স্থানীয় ৰাইজ শংকিত হৈ পৰিছে।