মানকাচৰ : মানকাচৰত অব্যাহত আছে গৰুৰ চোৰাং বেহা। পুনৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত জব্দ ১৬ টাকৈ চোৰাং গৰু। চোৰাং গৰুসহ জালত পৰিলে এজন গৰু সৰবৰাহকাৰী। ইফালে দেওবাৰে নিহত হোৱা বাংলাদেশী গৰু সৰবৰাহকাৰীজনৰ পৰিচয় লাভ কৰিছে সীমান্ত সুৰক্ষা বাহিনীয়ে। 

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তত অব্যাহত আছে গৰুৰ চোৰাং বেহা। মানকাচৰৰ বৰাইৰ আলগা সীমান্ত সুৰক্ষা বাহিনীৰ কেম্পৰ অন্তৰ্গত ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা সীমান্ত সুৰক্ষা বাহিনীয়ে ১৬ টাকৈ চোৰাং গৰুসহ এজন গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে।

ধৃত গৰু সৰবৰাহকাৰীজন হাবিজুৰ মণ্ডল বুলি চিনাক্ত কৰা হৈছে। উল্লেখ্য যে দেওবাৰে মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত এজন বাংলাদেশী গৰু সৰবৰাহকাৰীৰ মৃত্যু হৈছিল। বাংলাদেশী গৰু সৰবৰাহকাৰীজনৰ নাম ফৰিদুল ইছলাম বুলি আৰক্ষীয়ে বাংলাদেশৰ সংবাদ মাধ্যমৰ পৰা নিশ্চিত কৰিছে।

বি এছ এফয়ে বি জি বিক ফ্লেগ মিটিংযোগে বাংলাদেশী গৰু সৰবৰাহকাৰী নিহত হোৱাৰ খবৰ প্ৰদান কৰিছে। বাংলাদেশী গৰু সৰবৰাহকাৰীজনৰ মৃতদেহ বাংলাদেশত ঘুৰাই নিবলৈ বি জি বিক অৱগত কৰিছে বি এছ এফয়ে। কিন্তু এতিয়ালৈ বি জি বিয়ে কোনো সঁহাৰি জনোৱা নাই বুলি জানিব পৰা গৈছে।

বৰ্তমান বাংলাদেশী গৰু সৰবৰাহকাৰীজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ত ৰখা হৈছে। ৭২ ঘণ্টাৰ ভিতৰত বাংলাদেশ চৰকাৰে গৰু সৰবৰাহকাৰীজনৰ মৃতদেহ ঘূৰাই নিনিলে ভাৰততে বাংলাদেশী গৰু সৰবৰাহকাৰীজনক কবৰ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিব পৰা গৈছে।