ৰূপহীহাট : বনৰীয়া হাতীৰ আক্ৰমণত নিহত এগৰাকী মহিলা। লাওঁখোৱা অভয়াৰণ্যত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয় এগৰাকী মহিলা। অভয়াৰণ্যখনত খৰি আনিবলৈ যোৱা সময়ত মহিলা গৰাকীক আক্ৰমণ কৰে এটা বনৰীয়া হাতীয়ে। ইফালে অভয়াৰণ্যখনত উদ্ধাৰ হৈছে এটা বনৰীয়া হাতীৰ মৃতদেহ। 

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বনৰীয় হাতী আৰু মানুহৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতে এইবাৰ লাওঁখোৱা অভয়াৰণ্যত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে এগৰাকী মহিলা। নগাঁও জিলাৰ ৰূপহীহাটৰ অন্তৰ্গত গড়াজানৰ পশ্চিম ফুটালজাৰৰ হাজেৰা খাতুন নামৰ এগৰাকী মহিলা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হয়।

মহিলা গৰাকী আন কেইবাগৰকী মহিলাৰ সৈতে লাওঁখোৱা অভয়াৰণ্যত খৰি আনিবলৈ যোৱাৰ সময়ত এটা বনৰীয়া হাতীয়ে মহিলা গৰাকীক আক্ৰমণ কৰে। গড়াজান আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহ অভয়াৰণ্যৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আনহাতে লাওঁখোৱা অভয়াৰণ্যৰ ফুলতলী বন শিবিৰৰ ওচৰত এটা ৪০ বছৰ বয়সৰ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা অহা পশু চিকিৎসকৰ এটা দলে বনৰীয়া হাতীটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে প্ৰস্তুতি চলাইছে। মৰণোত্ত পৰীক্ষাৰ পিছতে বনৰীয়া হাতীটোৰ মৃত্যুৰ কাৰণ জানিব পৰা যাব।