মানকাচৰ : ভাৰত-বাংলাদেশ সীমান্তত গুলী চালনা। গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি সীমান্ত সুৰক্ষা বাহিনীৰ গুলী চালনা। সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত এজন গৰু সৰবৰাহকাৰী। কিছুদিন পুর্বেও ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত হৈছিল বাংলাদেশৰ এজন গৰু সৰবৰাহকাৰী।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত হৈছে এজন ভাৰতীয় চোৰাং গৰু সৰবৰাহকাৰী। মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ ছাটকৰাইবাৰীত সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত হৈছে চোৰাং গৰু সৰবৰাহকাৰী। নিহত চোৰাং গৰু সৰবৰাহকাৰীজন মানকাচৰৰ পুৰাণ দিয়াৰা গাঁৱৰ ফাৰুক আলম বুলি জানিব পৰা গৈছে।

বুধবাৰে পুৱতি নিশা ছাটকৰাইবাৰী গাঁৱৰ ভাৰত-বাংলাদেশ সীমান্তত বাঁহৰ সঁজুলিৰে বাংলাদেশলৈ গৰুৰ চোৰাং চালান দিবলৈ লোৱা অৱস্থাত সীমান্ত সুৰক্ষা বাহিনীয়ে গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি গুলী চালনা কৰিছিল। সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত আহত হোৱা চোৰাং গৰু সৰবৰাহকাৰীজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছিল যদিও বাটতে মৃত্যু হয় চোৰাং গৰু সৰবৰাহকাৰীজনৰ।

চোৰাং গৰু সৰবৰাহকাৰীজনৰ মৃতদেহ ইতিমধ্যে মানকাচৰ আৰক্ষী থানালৈ অনা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষী সীমান্ত সুৰক্ষা বাহিনীৰ তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে কিছুদিন পূৰ্বেও মানকাচৰত ভাৰত-বাংলাদেশ সীমান্তত গৰু সৰবৰাহ কৰি থকা অৱস্থাত সীমান্ত সুৰক্ষা বাহিনীয়ে গৰু সৰবৰাহকাৰীক লক্ষ্য কৰি গুলী চালনা কৰিছিল। সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত নিহত হৈছিল এজন বাংলাদেশী গৰু সৰবৰাহকাৰী।