যোৰহাট : যোৰহাট নগৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। যোৰহাট নগৰৰ মাজমজিয়াত তিনিজনকৈ যুৱকক গণ প্ৰহাৰ। সাধাৰণ দুর্ঘটনাক কেন্দ্ৰ কৰি যুৱক তিনিজনৰ ওপৰত আক্ৰমণ চলায় অৰ্ধ শতাধিক লোকে। অৰ্ধ শতাধিক লোকৰ গণ প্ৰহাৰত এজন যুৱক নিহত। দুজন গুৰুত্বৰভাৱে আহত।

এক ভয়ংকৰ গণ প্ৰহাৰৰ ঘটনা সংঘটিত হৈছে যোৰহাট জিলাত। যোৰহাট ট্ৰাক ষ্টেণ্ডৰ সমীপত সংঘটিত হোৱা এই গণ প্ৰহাৰৰ ঘটনাত এজন যুৱক নিহত হৈছে। নিহত যুৱকজন গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক। নিহত যুৱকজন গোলাঘাট জিলাৰ খুমটাইৰ অনিমেষ ভূঞা।

আনহাতে আহত যুৱক দুজনৰ এজন ভিতৰত এজন সাংবাদিক মৃদুস্মন্ত বৰুৱা আনজন সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰণয় দত্ত। জানিব পৰা মতে এক পথ দুর্ঘটনাক কেন্দ্র কৰি অৰ্ধ শতাধিক লোক জপিয়াই পৰে তিনিজন যুৱকৰ ওপৰত। আহত তিনিজনকে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।

চিকিৎসালয়ত চিকিৎসকে গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাক মৃত বুলি ঘোষণা কৰে। আনহাতে গণ প্ৰহাৰৰ বলি হোৱা অন্য দুজন যুৱক গুৰুত্বৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছে। ইফালে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰি যুৱক তিনিজনক গণ প্ৰহাৰৰ ঘটনাৰ লগত জড়িত পাঁচ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।