বৰপেটা : প্ৰথমে সন্দেহ কৰা হৈছিল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহাৰ। পিছে মানাহ নহয়, কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহাৰে সন্দেহ। বৰপেটা চহৰত দুটা বনৰীয়া হাতীৰ বিচৰণ। বনৰীয়া হাতী দুটাৰ বিচৰণক লৈ আতংকিত হৈ পৰিছে সত্ৰনগৰী বৰপেটাবাসী। বনৰীয়া হাতী দুটাক খেদি পঠিয়াবলৈ বন বিভাগে চেষ্টা অব্যাহত ৰাখিছে।

দেওবাৰে নিশাৰ পৰাই বৰপেটা চহৰত বিচৰণ কৰি থকা বনৰীয়া হাতী দুটা সোমবাৰে পুৱাৰ ভাগত চহৰৰ বিভিন্ন অঞ্চলত বিচৰণ কৰি মৰা নদীৰ পাৰৰ জংঘলত আশ্ৰয় লয়। প্ৰথম অৱস্থাত বনৰীয়া হাতী দুটা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি বৰপেটা চহৰত প্ৰৱেশ কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা বনৰীয়া হাতী দুটা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰে বন বিভাগে।

বনৰীয়া হাতী দুটাই দেওবাৰে নিশাৰ ভাগত কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহি বঙাইগাঁৱৰ আই নদী পাৰ হৈ বৰপেটাত প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগে। বনৰীয়া হাতী দুটাই নিশাৰ ভিতৰতে প্ৰায় ১০০ কিলোমিটাৰতকৈয়ো অধিক দূৰত্ব অতিক্ৰম কৰি বৰপেটা চহৰত উপস্থিত হোৱাকলৈ বৰপেটা চহৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বনৰীয়া হাতী দুটা নিৰাপদে বনাঞ্চললৈ খেদি পঠিয়াবলৈ তৎপৰতা আৰম্ভ কৰিছে বন বিভাগে।

মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষ, বৰপেটা ৰোড বনাঞ্চলিক বিষয়া আৰু বন বিভাগৰ প্ৰায় ৫০ জনীয়া দল এটা বনৰীয়া হাতী দুটাক খেদি পঠিয়াবলৈ উপস্থিত হৈছে বৰপেটা চহৰত। বনৰীয়া হাতী দুটা সন্ধিয়াৰ ভাগত বনাঞ্চললৈ খেদি পঠিয়াবলৈ বন বিভাগে অভিযান আৰম্ভ কৰিব বুলি জানিব পৰা গৈছে। বনৰীয়া হাতী দুটা আশ্ৰয় লৈ থকা মৰা নদীৰ পাৰেৰে যোৱা পথছোৱাৰে যাতায়াত বন্ধ কৰি দিছে বৰপেটা জিলা প্ৰশাসনে।