মানকাচৰ : ভাৰত-বাংলাদেশ সীমান্তত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট। হাটশিঙিমাৰীত ভাৰত-বাংলাদেশ সীমান্তত জিলা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ জব্দ। অভিযানকালত গ্ৰেপ্তাৰ হয় এজন ড্ৰাগছ সৰবৰাহকাৰী।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত কোকৰাডাঙা ফেৰী ঘাটত জিলা আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলায়। গোপন খবৰৰ ভিত্তিত চলা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ এজন ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ হয়।

সোমাবাৰে দিনৰ প্ৰায় ১১ বজাত জিলা আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক এছ চাংছানৰ নেতৃত্বত খাৰুৱাবান্ধা আৰক্ষীৰ এটা দলে কোকৰাডাঙা ফেৰী ঘাটত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলায়। গোপন সুত্ৰৰ ভিত্তিত চলোৱা এই অভিযানত জিলা আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি ১১,১১২ টা নিচাজাতীয় টেবলেট জব্দ কৰে।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীজনক মানকাচৰ থানাৰ অন্তৰ্গত পূবেৰ গাঁৱৰ সুৰাজ মিঞা বুলি চিনাক্ত কৰা হৈছে। ড্ৰাগছৰ সৰবৰাহকাৰীজনে চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা ফেৰীযোগে নিচাজাতীয় টেবলেটখিনি আনিছিল। পশ্চিম বংগৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ আনি থাকৰ খবৰ লাভ কৰি আৰক্ষীয়ে অভিযান চলাইছিল।