গুৱাহাটী, ১৭ জুলাই, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। ৫ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে লাউখোৱা শিক্ষা খণ্ডৰ কনিষ্ঠ সহায়ক।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত থাকৰ মাজতে এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন শিক্ষা খণ্ডৰ কনিষ্ঠ সহায়ক।

উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল লাউখোৱা শিক্ষা খণ্ডৰ কনিষ্ঠ সহায়ক। মাত্ৰ ৫ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে লাউখোৱা শিক্ষা খণ্ডৰ কনিষ্ঠ সহায়ক বিপুল মেচ। এজন লোকৰ বদলিৰ নামত লাউখোৱা শিক্ষা খণ্ডৰ কনিষ্ঠ সহায়ক বিপুল মেচে ১৫ হাজাৰ টকা দাবী কৰিছিল যদিও পৰৱৰ্তী সময়ত এই উৎকোচৰ ধন ১০ হাজাৰলৈ হ্ৰাস পায়। লাউখোৱা শিক্ষা খণ্ডৰ কনিষ্ঠ সহায়ক বিপুল মেচে উৎকোচ দাবী কৰা লোকজনে কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ।

লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত লাউখোৱা শিক্ষা খণ্ডৰ কনিষ্ঠ সহায়ক বিপুল মেচক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে লাউখোৱা শিক্ষা খণ্ডৰ কনিষ্ঠ সহায়ক বিপুল মেচৰ কবলৰ পৰা উৎকোচৰ ৫ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে।

দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে লাউখোৱা শিক্ষা খণ্ডৰ কনিষ্ঠ সহায়ক বিপুল মেচক গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৫২/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।