তেজপুৰ, ১৭ জুলাই, ২০২৩ : বিয়া পাতিবলৈ আহি ধৰা পৰিল দৰা (Cought While Ready For Marriage)। তেজপুৰ উপ-পঞ্জিয়কৰ কাৰ্যালয়ত বিয়া পাতিবলৈ প্ৰস্তুতি চলাই থকাৰ সময়তে আহি উপস্থিত হ’ল কইনাৰ মাতৃ আৰু পৰিয়ালৰ লোক। কইনাৰ মাতৃয়ে দৰাক গতিয়াই গতিয়াই নিলে থানালৈ। অভিযোগ মতে দৰাই তিনি নম্বৰ বিয়াৰ বাবে অপহৰণ কৰি আনিছিল কইনা।

তেজপুৰ চহৰৰ মাজমজিয়াত সৃষ্টি হয় এক অপ্ৰীতিকৰ পৰিৱেশৰ। এজন যুৱকে তেজপুৰ উপ-পঞ্জিয়কৰ কাৰ্যালয়ত এগৰাকী যুৱতীৰ লগত আইনি প্ৰক্ৰিয়াৰে বিবাহ পাশত আৱদ্ধ হ’বলৈ প্ৰস্তুতি চলাই থাকোতে উপ-পঞ্জিয়কৰ কাৰ্যালয়ত উপস্থিত হৈ যুৱতী গৰাকীৰ মাতৃ আৰু পৰিয়ালৰ লোকে আটক কৰে যুৱকজনক। ইয়াৰ পিছত যুৱতী গৰাকীৰ মাতৃয়ে যুৱকজনক গতিয়াই গতিয়াই যুৱকজনক থানালৈ নিয়ে।

তেজপুৰ চহৰৰ মাজমজিয়াৰে যুৱতী গৰাকীৰ মাতৃয়ে যুৱকজনক গতিয়াই গতিয়াই নিয়ে থানালৈ। যুৱতী গৰাকীৰ মাতৃৰ অভিযোগ অনুসৰি যুৱকজনে যুৱতী গৰাকীক অপহৰণ কৰি আনিছে। যুৱকজনে তন্ত্ৰ-মন্ত্ৰ আৰু প্ৰলোভনৰে যুৱতী গৰাকীক বিবাহ পাশত আৱদ্ধ কৰিবলৈ তেজপুৰ উপ-পঞ্জিয়কৰ কাৰ্যালয়ত অনা বুলিও অভিযোগ কৰে যুৱতী গৰাকীৰ মাতৃয়ে। যুৱকজন নগাঁৱৰ আমবাগানৰ নিবাসী ৰক্ষিত দাসে বুলি জানিব পৰা গৈছে। একেই ঠাইৰে ১৯ বছৰীয়া যুৱতী গৰাকীক অপহৰণ কৰি বিবাহ পাশত আৱদ্ধ কৰাৰ চেষ্টা চলিছিল বুলি মাতৃয়ে অভিযোগ তুলিছে।

সোমবাৰে যুৱতী গৰাকীৰ সৈতে ৰক্ষিত দাসে তেজপুৰ উপ-পঞ্জিয়কৰ কাৰ্যালয়ত আইনি প্ৰক্ৰিয়াৰে বিবাহ হ’বলৈ সাজু হোৱাৰ সময়তে সময়তে যুৱতী গৰাকীৰ মাতৃ আৰু পৰিয়ালৰ লোক উপস্থিত হৈ যুৱতী গৰাকীক উদ্ধাৰ কৰে। যুৱতীগৰাকীৰ মাতৃ আৰু আন পৰিয়ালৰ সদস্যৰ পৰা জানিব পৰা মতে ৰক্ষিত দাস নামৰ যুৱকজনে পূৰ্বতে ৩ বাৰকৈ বিয়া কৰোৱাৰ লগতে ১২ বছৰীয়া কন্যা আৰু ৭ বছৰীয়া পুত্ৰ সন্তানৰ পিতৃ। আমবাগানৰ ৰক্ষিত দাস নামৰ যুৱকজনে নগাঁও আদালতত এই কাৰ্য কৰিলে কোনো পৰিচিত লোকৰ চকুত ধৰা পৰাৰ ভয়ত, তেজপুৰ আদালতত আইনিভাৱে বিয়া হ’বলৈ আহিছিল।

যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে দুয়োকে হাতে-লোটে আটক কৰি তেজপুৰ আদালত চাৰিআলিৰ পৰা যুৱকজনক গতিয়াই গতিয়াই সদৰ আৰক্ষী চকীলৈ লৈ আহি গোচৰ তৰে। আনহাতে ৰক্ষিত দাসৰ পিতৃৰ ভাষ্যনুসৰি ৰক্ষিত দাস বিবাহিত আৰু দুটা সন্তানৰ পিতৃ যদিও ৰক্ষিত দাসৰ সাংসাৰিক জীৱন শান্তিৰ নহয়।উল্লেখ্য যে ৰক্ষিত দাসৰ পিতৃৰ মতে ৰক্ষিত দাস এজন দৰ্জী কিন্তু যুৱতী গৰাকীৰ পৰিয়ালবৰ্গই জানিব দিয়া মতে ৰক্ষিত দাস অবৈধ কাৰ্যৰ লগত জড়িত আৰু মানুহক অন্ধবিশ্বাসৰ বলি কৰোৱা এজন ভণ্ড তান্ত্ৰিক।