গৰৈমাৰী : দক্ষিণ কামৰূপৰ গৰৈমাৰীত নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই ভয়ংকৰ অগ্নিকাণ্ডত অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱালে এজন লোকে। অগ্নিকাণ্ডৰ ফলত প্ৰায় পাঁচ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে।

দেওবাৰে নিশাৰ ভাগত দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ খাৰিদলত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত গুলজাৰ হুছেইন নামৰ এজন লোক অগ্নিদগ্ধ হৈ মৃত্যুৰ মুখত পৰে। অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ লগে লগে স্থানীয় ৰাইজে তৎপৰতাৰে জুই নিৰ্বাপন কৰে যদিও অগ্নিদগ্ধ হৈ মৃত্যু ঘটে গুলজাৰ হুছেইন নামৰ লোকজনৰ।

স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰাৰ পিছতহে ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হোৱাত ৰাইজ উত্তেজিত হৈ পৰে। মমবাতিৰ জুইৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। অগ্নিকাণ্ডত গুলজাৰ হুছেইনৰ ঘৰৰ সকলো সামগ্ৰীসহ নগদ ধন জুইত জাহ যায়। অগ্নিকাণ্ডৰ ফলত মুঠ পাঁচ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।