গুৱাহাটী : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল ভাল খবৰ। অসম ৰাজ্যিক চিৰিয়াখানা লৈ আগমন ঘটিছে দুটা নতুন আলহীৰ। নতুন আলহী দুটাৰ আগমনৰ খবৰ চিৰিয়াখানাৰ কৰ্তৃপক্ষই ৰাজহুৱা কৰিলে। অসম ৰাজ্যিক চিৰিয়াখানাৰ কাজী নামৰ মাইকী ঢেকীয়াপতিয়া বাঘ জনীয়ে জন্ম দিছে দুটাকৈ পোৱালি।

অসম ৰাজ্যিক চিৰিয়াখানাৰ কাজী নামৰ মাইকী ঢেকীয়াপতিয়া বাঘ জনীয়ে দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ গৌৰৱ লাভ কৰাত উৎফুল্লিত হৈ উঠিছে চিৰিয়াখানাৰ কৰ্তৃপক্ষই আৰু বনকর্মী সকল। যোৱা ৩ ফেব্ৰুৱাৰী তাৰিখে দিনৰ ২.৩০ বজাত দুটাকৈ পোৱালি জন্ম দি দ্বিতীয়বাৰৰ বাবে মাতৃ হোৱাৰ গৌৰৱ লাভ কৰে চিৰিয়াখানাৰ কাজী নামৰ মাইকী ঢেকীয়াপতিয়া বাঘ জনীয়ে।

চিৰিয়াখানাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে পোৱালি দুটাৰ লগতে কাজী নামৰ ঢেকীয়াপতিয়া বাঘ জনী। অসম ৰাজ্যিক চিৰিয়াখানাত নতুনকৈ দুটা ঢেকীয়াপতিয়া বাঘৰ পোৱালি জন্ম লাভ কৰাত চিৰিয়াখানাত ঢেকীয়াপতিয়া বাঘৰ সংখ্যা ৯ টাকৈ বৃদ্ধি পাইছে।

কাজী নামৰ ঢেকীয়াপতিয়া বাঘ জনীয়ে জন্ম দিয়ে পোৱালি দুটা মতা নে মাইকী বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। অসম ৰাজ্যিক চিৰিয়াখানাত দুটাকৈ বগা ঢেকীয়াপতিয়া বাঘো আছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে চিৰিয়াখানাত থকা ধনুষ নামৰ মতা ঢেকীয়াপতিয়া বাঘ আৰু কাজী নামৰ মাইকী ঢেকীয়াপতিয়া বাঘৰ পৰিয়াললৈ আহিছিল চুলতান আৰু সুৰেশ নামৰ দুটাকৈ পোৱালি।