গৰ্গ জ্যোতি দাস

অভয়াপুৰী : অভয়াপুৰীত ভয়ংকৰ পথ দুর্ঘটনা। ই-ৰিক্সা আৰু টাটা মেজিকৰ মাজত সংঘর্ষ। পথ দুর্ঘটনাটোত থিততে নিহত হয় এজন কিশোৰ। পথ দুর্ঘটনাটোত এজন কিশোৰ নিহত হোৱাত অঞ্চলটোত শোকৰ ছাঁ।

বঙাইগাঁও জিলাৰ অভয়াপুৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা। পথ দুর্ঘটনাটোত এজন কিশোৰ থিতাতে নিহত হৈছে। অভয়াপুৰীৰ দেওহাটীত একে দিশৰ পৰা আহি থকা ই-ৰিক্সা আৰু টাটা মেজিকৰ মাজত হোৱা সংঘর্ষত কিশোৰজন নিহত হয়।

এএছ-১৯-ইআৰ-১৪০১ নম্বৰৰ এখন ই-ৰিক্সা আৰু একে দিশৰ পৰা আহি থকা এএছ-১৯-চি-৯৪৪১ নম্বৰৰ টাটা মেজিকৰ মাজত হোৱা সংঘৰ্ষত ই-ৰিক্সাখন বাগৰি পৰে। ফলত ই-ৰিক্সাখনত আহি থকা পংকজ পাল নামৰ কিশোৰজন থিতাতে নিহত হয়।

নিহত কিশোৰজন অভয়াপুৰীৰ বাসন্তীপাৰাৰ পংকজ পাল বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে সোমবাৰেও অভয়াপুৰীত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত কয়লা ভৰ্তি ট্ৰাক আৰু বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এজন লোক নিহত হৈছিল।