ছিপাঝাৰ : তালাচীৰ নামত গুণ্ডাগিৰি কৰাৰ অভিযোগ আৰক্ষী বিষয়াৰ বিৰুদ্ধে। দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱাৰ বিৰুদ্ধে তালাচীৰ নামত মাজনিশা গুণ্ডাগিৰি কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে। তালাচীৰ নামত আৰক্ষী বিষয়া গৰাকীয়ে শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰো অভিযোগ ভুক্তভোগীৰ।

ছিপাঝাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱাই মাজনিশা তালাচীৰ নামত গুণ্ডাগিৰি চলোৱাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে পৰিয়াল এটাই। মাজনিশা তালাচী চলাই থকা সময়ত বাইক এখনৰ নথিপত্ৰ বিচাৰি ছিপাঝাৰৰ ঝাকুৱাপাৰা গাঁৱৰ শশীন্দ্ৰ ডেকা নামৰ এজন লোকৰ পৰিয়ালক হাৰাশাস্তিৰ লগতে শাৰিৰীক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষী বিষয়া নিৰঞ্জন বৰুৱাৰ বিৰুদ্ধে।

ঝাকুৱাপাৰা গাঁৱৰ শশীন্দ্ৰ ডেকাৰ পৰিয়ালৰ এটি তিনিমহীয়া শিশু, মহিলাসহ পৰিয়ালটোৰ কেইবাজনো সদস্যক আৰক্ষী বিষয়া গৰাকীয়ে তালাচীৰ নামত শাৰিৰীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। মহিলা আৰক্ষী অবিহনেই মাজনিশা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত ছিপাঝাৰ আৰক্ষীৰ এটা দল শশীন্দ্ৰ ডেকাৰ ঘৰত উপস্থিত হৈ গাড়ীৰ নথিপত্ৰ বিচাৰি পৰিয়ালটোৰ সদস্য সকলক শাৰীৰিক নিৰ্যাতন চলায় বুলি অভিযোগ উত্থাপন হৈছে।

শশীন্দ্ৰ ডেকাৰ ঘৰত তালাচী চলাই সা-সামগ্ৰী লণ্ডভণ্ড কৰাৰ লগতে পৰিয়ালটোৰ ঘৰৰ চিচি টিভি কেমেৰাৰ হাৰ্ডডিস্কৰ লগতে নগদ ধন আৰক্ষীৰ দলটোৱে লৈ যোৱাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালটোৱে৷ আৰক্ষীৰ দলটোৰ নিৰ্যাতন আহত হোৱা তিনিমহীয়া শিশু আৰু এগৰাকী মহিলাক মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হৈছে বুলিও পৰিয়ালটোৱে জানিবলৈ দিয়ে৷

ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে দৰং জিলাৰ আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দাখিল কৰিছে।আৰক্ষীক ৰাইজৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীসহ আৰক্ষী সঞ্চালক প্ৰধানে নিৰ্দেশ দিয়াৰ সময়তে ছিপাঝাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া গৰাকীয়ে কৰা আচৰণ সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷