আজিজ আলী

নালবাৰী : নলবাৰীত ভয়ংকৰ পথ দুর্ঘটনা। নলবাৰীৰ বিলপাৰত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত হৈছে এজন লোক। এখন ট্ৰাকে আন এখন ট্ৰাকক নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে। নিহত লোকজন এখন খুন্দা মৰা ট্ৰাকখনৰ চালক বুলি জানিব পৰা গৈছে।

বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২ বজাত নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় পথৰ বিলপাৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এক লোক গুৰুত্বৰভাৱে আহত হয়। গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে গৈ থকা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই আন এখন ট্ৰাকত খুন্দা মৰাত এই দুর্ঘটনা সংঘটিত হয়।

ইউপি-২৫-চিটি-৯৯৬০ নম্বৰৰ ব্ৰাইলাৰ দানা ভৰ্তি ট্ৰাক এখনে গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে গৈ থকাৰ অৱস্থাত বিলপাৰ-নাৰিকুছি চকৰ শিৱ মন্দিৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই আগে আগে গৈ থকা আন এখন ট্ৰাকক প্ৰচণ্ড খুন্দা মাৰে। ফলত খুন্দা মৰা ট্ৰাকখনৰ চালকজন থিতাতে নিহত হোৱাৰ লগতে হেণ্ডিমেনজন গুৰুত্বৰভাৱে আহত হয়। আহত হেণ্ডমেনজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

পুৱাৰ ভাগত স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। স্থানীয় ৰাইজ আৰু ঘগ্ৰাপাৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক লোহিত কুমাৰ চেত্ৰী ঘটনাস্থলীত উপস্থিত হৈ নিহত চালকজনৰ মৃতদেহ উদ্ধাৰ কৰে। নিহত চালকজনৰ মৃতদেহ নলবাৰী চিকিৎসালয়লৰ মৰ্গত ৰখা হৈছে। নিহত চালকজনৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে।