গুৱাহাটী : সুস্থ হৈ পুনৰ মুকলি আকাশৰ তলত ১০ টা শগুণ আৰু ১ টা ঈগল চৰাই। বন বিভাগে চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছে ১০ টা শগুণ আৰু ১ টা ঈগল চৰাই। সম্পূৰ্ণ সুস্থ হৈ উঠা শগুণ কেইটা আৰু ঈগল চৰাইটোক বন বিভাগে মুকলি কৰি দিয়ে। বিষক্ৰিয়াৰ ফলত মৃত্যু হৈছিল ১০০ টাতকৈও অধিক শগুণৰ। 

দক্ষিণ কামৰূপ বন বিভাগে চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তোলা ১০ টা দুষ্প্ৰাপ্য শগুণ আৰু ১ টা ঈগল চৰাইক পুনৰ মুকলি কৰি দিয়ে। বিষাক্ত মৃত ছাগলী ভক্ষণ কৰি বিষক্ৰিয়াৰ ফলত শগুণ কেইটা আৰু ঈগল চৰাইটো অসুস্থ হৈ পৰিছিল। বন বিভাগে গুৰুত্বৰভাৱে অসুস্থ অৱস্থাত শগুণ কেইটা আৰু ঈগল চৰাইটোক উদ্ধাৰ কৰি চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে শগুণ কেইটা আৰু ঈগল চৰাইটোক বন বিভাগে কামৰূপ জিলাৰ ছায়গাঁৱৰ পৰা অসুস্থ অৱস্থাত উদ্ধাৰ কৰিছিল। ছয়গাঁৱৰ মিলনপুৰত ১০০ টাতকৈও অধিক দুষ্প্ৰাপ্য মৃত শগুণ উদ্ধাৰ হৈছিল। বিষক্ৰিয়াৰ ফলত শগুণ কেইটাৰ মৃত্যু হৈছিল আৰু অসুস্থ অৱস্থাত উদ্ধাৰ হৈছিল ১০ টাকৈ শগুণ আৰু ১ টা ঈগল চৰাই।