দুলীয়াজানত, ২ অক্টোবৰ, ২০২৩ : তীব্ৰ বেগী ডাম্পাৰ আৰু স্কুটীৰ মুখামুখি সংঘৰ্ষত এজন নিহত (One Killed)। গুৰুত্বৰভাৱে আহত দুজনকৈ লোক। আহত এজন যুৱক আৰু এগৰাকী যুৱতীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ। যুৱতী গৰাকীক চিকিৎসালয়ত মৃত বুলি ঘোষণা কৰে চিকিৎসকে। দুর্ঘটনাস্থলীৰ পৰা পলায়ন ডাম্পাৰখন।

এক ভয়ংকৰ পথ দুর্ঘটনাত নিহত হৈছে এজন যুৱকৰ লগতে এগৰাকী যুৱতী। এখন তীব্ৰ বেগী ডাম্পাৰ লগত এখন স্কুটীৰ মুখামুখি সংঘৰ্ষৰ ফলত নিহত হয় এজন যুৱক আৰু এগৰাকী যুৱতী। তিনিচুকীয়া জিলাৰ দুলীয়াজানত সংঘটিত হৈছে এই শোকাবহ পথ দুর্ঘটনা। ডাম্পাৰ আৰু স্কুটীখনৰ মাজত হোৱা সংঘৰ্ষত থিতাতে এজন যুৱক নিহত হোৱাৰ লগতে আন এজন যুৱক আৰু এগৰাকী যুৱতী গুৰুত্বৰভাৱে আহত হয়।

আহত যুৱক আৰু যুৱতী গৰাকীক ততাতৈয়াকৈ সংকটজনক অৱস্থাত অইলৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসালয়ত যুৱতী গৰাকীক চিকিৎসকে মৃত বুলি ঘোষণা কৰে। দুলীয়াজান-মধুৱন সংযোগী পথৰ ১ নং বৰপথাৰ তিনিআলিত সংঘটিত হয় এই শোকাবহ পথ দুর্ঘটনাটো। এএছ-২৩-এএফ-৪০১৮ নম্বৰৰ এখন স্কুটী দুলীয়াজানৰ পৰা মধুৱন অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা এখন হালধীয়া ৰঙৰ ডাম্পাৰৰ লগত মুখামুখি সংঘৰ্ষৰ হয়।

এই ভয়ংকৰ পথ দুর্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন এজন যুৱক আৰু যুৱতী গুৰুত্বৰভাৱে আহত হয়। নিহত আৰু আহত যুৱক-যুৱতীৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। দুর্ঘটনাৰ খবৰ পাই দুর্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয় প্ৰেৰণ কৰাৰ লগতে আহত যুৱক-যুৱতীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুর্ঘটনা ইমানেই ভয়ংকৰ আছিল যে স্কুটীখন ৰাজপথত চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। ইফালে দুর্ঘটনা সংঘটিত হোৱাৰ পিছতে ডাম্পাৰখনৰ চালক ডাম্পাৰসহ দুর্ঘটনাস্থলীৰ পৰা পলায়ন কৰে। দুলীয়াজান আৰক্ষীয়ে ইতিমধ্যে দুর্ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। দুর্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ বিৰাজ কৰিছে।