গুৱাহাটী, ৩ অক্টোবৰ, ২০২৩ : ৰাজ্যত পুনৰ বাল্য বিবাহ বিৰোধী অভিযান। সোমবাৰে নিশা ৰাজ্যজুৰি আৰক্ষীয়ে চলালে বাল্য বিবাহ বিৰোধী অভিযান (Drive Against Child Marriage)। বাল্য বিবাহৰ লগত জড়িত ৫০০ ৰো অধিক লোকক নিশাই আটক কৰিছে আৰক্ষীয়ে। ধুবুৰী জিলাতে আটক কৰা হৈছে ১৯১ জনকৈ লোক। কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আটক কৰা হৈছে ৫০ জনৰো অধিক লোকক।

বাল্য বিবাহৰ বিৰুদ্ধে পুনৰ সক্ৰিয় হৈছে অসম আৰক্ষী। পুনৰ বাল্য বিবাহ কৰোৱা লোক আৰু বাল্য বিবাহৰ লগত জড়িত লোকক বিচাৰি তীব্ৰ অভিযান চলাইছে আৰক্ষীয়ে। সোমবাৰে নিশাৰ ভাগৰ পৰা অসম আৰক্ষীয়ে ৰাজ্যজুৰি বাল্য বিবাহ বিৰোধী ব্যাপক অভিযান চলায়। নিশাৰ ভাগত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে চলোৱা বাল্য বিবাহ বিৰোধী অভিযানত ৫০০ ৰো অধিক লোকক আটক কৰিছে।

ধুবুৰী জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই ১৯১ জনকৈ লোকক আটক কৰিছে। ধুবুৰী জিলাৰ অন্তৰ্গত ৮ খনকৈ থানা এলেকাৰ অধীনত অভিযান চলাই আৰক্ষীয়ে ১৯১ জনকৈ লোকক আটক কৰে। আটকাধীন সকলৰ ভিতৰত আছে বাল্য বিবাহ কৰোৱা স্বামী, অভিভাৱক, কাজী আৰু পূজাৰী। ধুবুৰী সদৰ আৰক্ষী একেলাৰ পৰা ৩৫ জন, গোলকগঞ্জৰ পৰা ৪২ জন, আগমণিৰ পৰা ৭ জন, তামাৰহাটৰ পৰা ১২ জন, গৌৰীপুৰৰ পৰা ৪২ জন, বিলাসীপাৰাৰ পৰা ৩৬ জন, সাপটগ্ৰামৰ পৰা ১১ জন আৰু চাপৰৰ পৰা ৬ জন লোকক আটক কৰা হৈছে।

ধুবুৰী জিলাৰ সমান্তৰালকৈ কামৰূপ জিলাত অভিযান চলাই বাল্য বিবাহৰ লগত জড়িত ৫০ জনতকৈও অধিক লোকক আটক কৰে। কৰিমগঞ্জৰ পৰা আটক কৰা হয় ৪৯ জন লোকক। ইয়াৰ লগতে বঙাইগাঁৱৰ পৰা ৩৯ জনক, মৰিগাঁৱৰ বিভিন্ন অঞ্চলৰ পৰা ৩০ জনক, মানকাচৰৰ পৰা ৪০ জনক, গোলাঘাটৰ পৰা ৭ জনক, কোকৰাঝাৰৰ পৰা ২৪ জনক, বৰপেটাৰ পৰা ৬ জনক, বজালীৰ পৰা ১৮ জনক, লখিমপুৰৰ পৰা ৮ জনক আটক কৰা হৈছে বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে বাল্য বিবাহৰ লগত জড়িত লোক সকলৰ তালিকা আৰক্ষীৰ হাতত আছে। বাল্য বিবাহৰ লগত জড়িত আৰু অধিক লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰক্ষীয়ে ৰাজ্যজুৰি বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ কৰিছিল। ১৯২৯ চনৰ আইন অনুসৰি, ১৪ বছৰৰ তলৰ ছোৱালী আৰু ১৮ বছৰৰ তলৰ ল’ৰাৰ বিবাহ নিষিদ্ধ কৰা হৈছিল। বিবাহৰ ক্ষেত্ৰত মহিলা সকলৰ বাবে নিম্নতম বয়স ১৮ আৰু পুৰুষৰ ক্ষেত্ৰত ২১ বছৰলৈ বৃদ্ধি কৰিবলৈ ১৯৭৮ চনত আইনখন সংশোধন কৰা হৈছিল।