আজিজ আলী

মুকালমুৱা : মুকালমুৱা আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। ড্ৰাগছ বিৰোধী অভিযান চলাই পুনৰ মুকালমুৱা আৰক্ষীয়ে লাভ কৰিলে এক বৃহৎ সাফল্য। মুকালমুৱা আৰক্ষীয়ে এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিলে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট।

শুকুৰবাৰে নিশা মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সীমন্ত বৰা আৰু দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজশ্ৰী বুঢ়াগোহাঁইৰ নেতৃত্বত এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰ এটা দলে বৰ্নিবাৰীত অভিযান চলাই এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। অভিযানকাৰী আৰক্ষীৰ দলটোৱে ড্ৰাগছ সৰবৰাহকাৰীজনৰ কবলৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে।

আৰক্ষীৰ দলটোৱে বৰ্নিবাৰীত অভিযান চলাই বৃহৎ সংখ্যক নাইট্ৰোস্পাম নামৰ নিচাযুক্ত টেবলেটসহ গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহকাৰী বুলবুল হুছেইনক। ধৃত বুলবুল হুছেইনৰ পৰা আৰক্ষীয়ে ১৪০ টা নিচাজাতীয় টেবলেট জব্দ কৰে। ড্ৰাগছ সৰবৰাহকাৰীজনক শনিবাৰে আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।