গুৱাহাটী : ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে আৰু এটা গোচৰ। এই গোচৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰিলে ৰাজকন্যা বৰুৱাক। দুর্ঘটনাৰ পিছত এজন লোকক আক্ৰমণ কৰিছিল ৰাজকন্যা বৰুৱাই। বৰ্তমান চিকিৎসাধীন অৱস্থাত থকা লোকজনে বুধবাৰে পুৱাৰ ভাগত ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। এই কথা জানিবলৈ দিলে মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে।

জি এন আৰ চি হাস্পতালৰ ছেমি আই চি ইউত ভৰ্তি হৈ থকা ৰাজকন্যা বৰুৱাৰ স্বাস্থ্যৰ বুজ লয় মেডিকেল বৰ্ডে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়।হাস্পতালৰ ৬ জনীয়া চিকিৎসাৰ এটা দলে জি এন আৰ চি হাস্পতালত উপস্থিত হৈ ৰাজকন্যা বৰুৱাৰ স্বাস্থ্য পৰীক্ষা কৰি প্ৰতিবেদন দাখিল কৰে।

মেডিকেল বৰ্ডৰ প্ৰতিবেদত ৰাজকন্যা বৰুৱা অসুস্থ বুলি ধৰা নপৰাত পুনৰ গ্ৰেপ্তাৰ কৰা হয় ৰাজকন্যা বৰুৱাক। গ্ৰেপ্তাৰ কৰি ৰাজকন্যা বৰুৱাক আৰক্ষীয়ে দিছপুৰ থানালৈ আনে। অসুস্থ থকাৰ কাৰণ দেখুৱাই জি এন আৰ চি হাস্পতালৰ ছেমি আই চি ইউত ভৰ্তি হৈ আছিল ৰাজকন্যা বৰুৱা। ইফালে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে আৰু এটা গোচৰ ৰুজু হৈছে।

মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে জানিবলৈ দিয়ে যে আৰক্ষীয়ে তদন্তৰ বাবে ৰাজকন্যা বৰুৱাক থানাত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। কিন্ত ৰাজকন্যা বৰুৱাৰ মাতৃয়ে আবেদন জনাইছিল যে ৰাজকন্যা বৰুৱা অসুস্থ হৈ আছে গতিকে দুসপ্তাহলৈ ৰাজকন্যা বৰুৱা থানাত হাজিৰ হব নোৱাৰিব।

আনহাতে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে বুধবাৰে পুৱাৰ ভাগত এজন লোকে আৰু এটা গোচৰ ৰুজু কৰে। দুর্ঘটনাৰ পিছত ৰাজকন্যা বৰুৱাই এজন লোকক আক্ৰমণ চলাইছিল। বৰ্তমান চিকিৎসাধীন অৱস্থাত থকা লোকজনে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে অন্য এটা গোচৰ ৰুজু কৰিছে। এই গোচৰৰ ভিত্তিত পুনৰ ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে বুলিও জানিবলৈ দিয়ে মহানগৰ আৰক্ষী আয়ুক্ত গৰাকীয়ে।

ইফালে অসুস্থতাৰ কাৰণ দেখুৱাই ৰাজকন্যা বৰুৱাক জি এন আৰ চি হাস্পতালৰ ছেমি আই চি ইউত ৰখাৰ বাবে জি এন আৰ চি হাস্পতালৰ বিৰুদ্ধে তদন্ত হ’ব নেকি বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মহানগৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে কয় যে এই সন্দৰ্ভত আৰক্ষীয়ে জি এন আৰ চি হাস্পতালত তদন্ত চলাই আছে। গ্ৰেপ্তাৰ পিছত ৰাজকন্যা বৰুৱাক স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ নিয়া হয়।

দিছপুৰ আৰক্ষীয়ে ৰাজকন্যা বৰুৱাক হাস্পতাললৈ নিয়াৰ সময়ত সাংবাদিক ৰাজকন্যা বৰুৱেই কয় যে আৰক্ষীয়ে আই চি ইউৰ পৰা মোক জোৰ জুলুম কৰি লৈ আহিছে। উল্লেখ্য যে ১ অক্টোবৰৰ নিশা ৰাজকন্যা বৰুৱাই মহানগৰীৰ ৰুক্মিণীগাঁৱত ৯ জনকৈ শ্ৰমিকক মহতিয়াই নিছিল। এই দুর্ঘটনাৰ পিছত ২৪ ঘণ্টাৰ ভিতৰত ৰাজকন্যা বৰুৱাই জামিন লাভ কৰিবলৈ সক্ষম হৈছিল।