আজিজ আলী

মুকালমুৱা : মুকালমুৱাত সংঘটিত হৈছে এক শোকবাহ ঘটনা। মুকালমুৱাত পুখুৰীত পৰি এজন লোক মৃত্যুৰ মুখত পৰে। ঘাঁহ কৰিবলৈ গৈ লোকজন পুখুৰীত পৰে।

নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত দাৰঙীপাৰাত পুখুৰীত পৰি এজনৰ লোক মৃত্যুৰ মুখত পৰা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ৰঞ্জিত ডেকা নামৰ লোকজনৰ ঘাঁহ কাটিবলৈ গৈ পুখুৰীত পৰি মৃত্যু হয়।

ৰঞ্জিত ডেকাই গৰু-ছাগলীৰ বাবে ঘাঁহ কাটিবলৈ পুখুৰীৰ পাৰলৈ গৈ হঠাৎ পুখুৰীত পিছলি পৰে। অন্য এজন লোকে ৰঞ্জিত ডেকাক উদ্ধাৰ কৰিবলৈ চেষ্টা চলাইছিল যদিও সফল নহয়।

ৰাতিপুৱাৰ ভাগত এই ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে এছডিআৰএফ বাহিনীক খবৰ দিয়ে। স্থানীয় ৰাইজ আৰু এছডিআৰএফ বাহিনীয়ে বহু সময় ধৰি সন্ধন চলাই অৱশেষত ৰঞ্জিত ডেকাৰ মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰে।