গৰ্গ জ্যোতি দাস

অভয়াপুৰী : গণৰাজ্য দিৱসৰ দিনাই এক ভয়ংকৰ পথ দুর্ঘটনা।
অভয়াপুৰীত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুর্ঘটনা। তিনিজনকৈ যুৱক আহত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাত। আহত যুৱক সকলো চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।

সমগ্ৰ দেশৰ লগতে অসমতো গণৰাজ্য দিৱসকৈ উখল মাখল পৰিৱেশ। পুৱাৰ ভাগতে ৰাজ্যৰ প্রান্তে প্রান্তে পতাকা উত্তোলন কৰি ৭৩ তম গণৰাজ্য দিৱস উদযাপন। ইয়াৰ মাজতে অভয়াপুৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুর্ঘটনা।

বঙাইগাঁও জিলাৰ অভয়াপুৰীত দুখন বাইকৰ মাজত হোৱা মুখামুখি সংঘর্ষত আহত হৈছে তিনিজনকৈ যুৱক। আহত যুৱক সকলক আৰক্ষীয়ে অভয়াপুৰী সমূহীয়া স্বাস্থ্যকেন্দ্ৰলৈ প্ৰেৰণ কৰে। ইয়াৰে এজন যুৱকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।