মানকাচৰ : নিউ মাৰ্কেটৰ কাপোৰৰ দোকানত ভয়ংকৰ অগ্নিকাণ্ড। জুইত জাহ গল এখন কাপোৰৰ দোকানৰ ৭ খনকৈ কোঠালী। দোকানৰ ৭ খনকৈ কোঠালীৰ লগতে দোকানখনত থকা ১০ লক্ষাধিক টকাৰ কাপোৰ ভস্মীভূত।

মঙলবাৰে পুৱাৰ ভাগত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। মানকাচৰৰ নিউ মাৰ্কেটত থকা এখন কাপোৰৰ দোকানত পুৱা প্ৰায় ১০ বজাৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড।

নিউ মাৰ্কেটৰ এএফ কৰিম গাৰমেণ্টত নামৰ কাপোৰৰ দোকানত সংঘটিত হোৱা এই অগ্নিকাণ্ডত দোকানখনৰ ৭ টাকৈ কোঠালী সম্পূৰ্ণৰূপে ভস্মীভূত হয়। দোকানখনৰ ৭ টাকৈ কোঠালীত থকা ১০ লক্ষাধিক টকা মূল্যৰ কাপোৰ সম্পূৰ্ণৰূপে জুইত জাহ যায়।

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও অগ্নিকাণ্ডৰ ফলত ব্যৱসায়ীজনৰ বৃহৎ ক্ষতি সাধন হৈছে। বিদ্যুৎ বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।