গোঁসাইগাঁও : খাইৰুল আনাম খন্দকাৰক উষ্ম আদৰণি দলীয় কৰ্মীৰ। এআইইউডিএফ দলে উপ-নিৰ্বাচনৰ বাবে খাইৰুল আনাম খন্দকাৰক টিকট প্ৰদান কৰাৰ পিছতে উৎফুল্লিত হৈ উঠে গোঁসাইগাঁও সমষ্টিৰ এআইইউডিএফ দলৰ কর্মী। প্ৰায় অৰ্ধ শতাধিক দলীয় কৰ্মীয়ে খাইৰুল আনাম খন্দকাৰক ফুমাল গামোচা পিন্ধাই আদৰি আনে।

অহা ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিত উপ-নিৰ্বাচন। ইতিমধ্যে উপ নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি দল, বিজেপি মিত্ৰজোঁটৰ ইউপিপিএল দল আৰু কংগ্ৰেছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। এই ক্ষেত্ৰত পিছ পৰি ৰোৱা নাই এআইইউডি এফ দল।

বদৰুদ্দিন আজমলৰ এআইইউডিএফ দলে পাঁচটা সমষ্টিৰ ভিতৰত দুটা সমষ্টিত প্ৰাৰ্থী প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভৱানীপুৰ আৰু গোঁসাইগাঁও সমষ্টিত এআইইউডিএফ দলে উপ-নিৰ্বাচনত প্ৰাৰ্থী প্ৰদান কৰিব। দলটোৱে এই দুটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

ভৱানীপুৰত জুব্বাৰ আলীক টিকট দিছে এআইইউডিএফে। জুব্বাৰ আলী এজন অধিবক্তা। আনহাতে গোঁসাইগাঁও সমষ্টিৰ বাবে এআইইউডিএফে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে খাইৰুল আনাম খণ্ডকাৰক। গোঁসাইগাঁও সমষ্টিৰ বাবে এআইইউডিএফে খাইৰুল আনাম খণ্ডকাৰৰ নাম ঘোষণা কৰাৰ পিছতে দলীয় কর্মী সকল উৎফুল্লিত হৈ উঠে।

গোঁসাইগাঁও সমষ্টিৰ এআইইউডিএফ দলৰ কর্মী সকলে টিকট লাভ কৰাৰ পিছত খাইৰুল আনাম খণ্ডকাৰক ফুলাম গামোচাৰে আদৰি আনে। খাইৰুল আনাম খণ্ডকাৰে তেওঁক টিকট দিয়াৰ বাবে দলৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে। খাইৰুল আনাম খণ্ডকাৰে লগতে কয় যে উপ-নিৰ্বাচনত তেওঁ শেষ হাঁহি মাৰোবলৈ সক্ষম হ’ব।