জোনমণি বেগম

বিশ্বনাথ : বিহালীৰ নাচবৰত বনৰীয়া হাতীৰ সন্ত্ৰাস। ৪০-৫০ টা হাতী থকা এটা বৃহৎ বনৰীয়া হাতীৰ জাকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা খেতিপথাৰত অৱস্থান গ্ৰহণ কৰিছে। খাদ্যৰ সন্ধানত বনৰীয়া হাতীৰ জাকটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহাৰ সন্দেহ। বন বিভাগে হাতীৰ জাকটোক বনাঞ্চলত খেদি পঠিয়াবলৈ অভিযান অব্যাহত ৰাখিছে।

বিশ্বনাথ জিলাৰ বিহালীৰ নাচবৰত খেতিপথাৰৰ মাজত ৪০-৫০ টা হাতী থকা বনৰীয়া হাতীৰ এটা জাকে অৱস্থান লৈ থকাত অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত থকা খেতিপথাৰত পুৱাৰ পৰাই বনৰীয়া হাতীৰ জাকটোৱে অৱস্থান লৈ আছে। বনৰীয়া হাতীৰ জাকটো কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

খাদ্যৰ সন্ধানত প্ৰায়ে বনৰীয়া হাতীৰ জাক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ কাষত থকা জনাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলোৱা পৰিলক্ষিত হয়। ইতিমধ্যে বনবিভাগৰ লোক আৰু স্থানীয় লোকে উক্ত স্থানত উপস্থিত হৈ বনৰীয়া হাতীৰ জাকটোক কাজিৰঙালৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও বিফল হৈছে।

উল্লেখ্য যে বিগত সময়তো বিহালীৰ বিভিন্ন অঞ্চলত এই দৰে বনৰীয়া হাতীৰ জাক বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি মানুহৰ ঘৰে-দুৱাৰ ভাঙি লণ্ডভণ্ড কৰা দেখিবলৈ পোৱা গৈছে। আনকি অঞ্চলটোত কেইবাজনো লোকে এই হাতী আৰু মানুহৰ সংঘাতৰ ফলত প্ৰাণ হেৰুৱাব লগীয়া হৈছে। ৰাইজে বন বিভাগক শীঘ্ৰে বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ আহ্বান জনাইছে।