বৰহাট, ১৪ জুনঃ চৰাইদেউ জিলাৰ সাপেখাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰুৱাচালি মৌজাৰ ৰূপশ্ৰী পথত থোপাই থোৱা বালিৰ দমৰ পৰা যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে। বৰহাট-বৰুৱানগৰ সংযোগী ৬.৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ গড়কাপ্তানি পথৰ ওপৰত ট্ৰাক হিচাপত জমা কৰি থোৱা বালিৰ দমে গড়কাপ্তানি পথটোৰ প্ৰায় ৮০% বন্ধ কৰি ৰখাৰ ফলত যাতায়তৰ ক্ষেত্ৰত ৰাইজে জীয়াতু ভূগিব লগা হৈছে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বৰুৱানগৰৰ সমীপৰ জনৈক বড়া নামৰ এজন স্থানীয় যুৱকে নিজা বাসগৃহত ব্যক্তিগত খণ্ডৰ মোবাইল টাৱাৰ নিৰ্মাণ কৰাৰ নিমিত্তে গড়কাপ্তানি পথটো আবদ্ধ কৰি ৰখাত পথাচাৰীয়ে যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’বলগা হৈছে। দৈনিক শতাধিক বাহনে যাতায়ত কৰা পথটোৰ এনেদৰে বালিৰে আবদ্ধ কৰি ৰখাত ক্ষোভিত হৈ পৰিছে ৰাইজ৷ স্হানীয় লোকে শীঘ্ৰে পথৰ পৰা বালিৰ দম আঁতৰোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ।