জাগীৰোড, ১৪ জুনঃ প্ৰায় তিনিমাহ ধৰি বন্ধ হৈ থকা নগাওঁ কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত জাগীৰোডত প্ৰতিবাদ সাব্যস্ত কৰিলে নগাওঁ কাগজ কল সুৰক্ষা মঞ্চ আৰু কাগজ নিগম কৰ্মী ইউনিয়নে। জাগীৰোডত পাঁচশৰো অধিক লোকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে। বিগত তিনিমাহ ধৰি  নগাওঁ কাগজ কল বন্ধ হৈ থকাৰ ফলত কলটোত কৰ্মৰত কৰ্মচাৰীসকলৰ লগতে কলটোৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে জড়িত প্ৰায় দুই লাখ লোকৰ অৱস্থা পানীত হাঁহ নচৰা হৈ পৰিছে। কাগজ কলৰ ওপৰত নিৰ্ভৰ কৰি চলা জাগীৰোডৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ কাগজ কল বন্ধ হোৱাত বাৰুকৈ প্ৰভাৱান্বিত হৈছে। জাগীৰোডৰ শুকান মাছৰ বজাৰ আৰু নগাঁও কাগজ কলৰ ওপৰত নিৰ্ভৰ কৰি লাখ লাখ মানুহে নিজৰ মুখৰ ভাত মুকলাবলৈ সক্ষম হৈছে। এনে সময়ত যদি কাগজ কলৰ নিচিনা এক বৃহৎ উদ্যোগ বন্ধ হৈ যায়, তেন্তে ই জাগীৰোডৰ লগতে সমগ্ৰ ৰাজ্যৰ বাবে বৃহৎ ক্ষতি। ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰূপায়ন কৰা এই পথ অৱৰোধ কার্যসূচীত জাগীৰোডবাসীয়েও সম্পূৰ্ণ সহযোগত কৰে। উল্লেখ্য যে, কিছুদিন পূৰ্বে নগাঁও কাগজ কলত কৰ্মৰত ব্যক্তি সকলৰ সন্তানেও প্ৰায় সাতমাহ ধৰি বন্ধ হৈ থকা কলটোত কৰ্মৰত অভিভাৱকসকলৰ দৰ্মহা বিচাৰি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিছিল। এই পথ অৱৰোধ কার্যসূচীত নগাওঁ কাগজ কলৰ কৰ্মীৰ লগতে কাছাৰৰ কাগজ কলৰ কৰ্মীসকলেও অংশগ্ৰহণ কৰি এই দুয়োটা কাগজ কল অতি শীঘ্ৰে কাৰ্যক্ষম কৰাৰ দাবী জনায়। ইয়াৰ উপৰি চৰকাৰে কাগজ কল দুটাক ব্যক্তিগতকৰণ কৰিব বিচৰা সিদ্ধান্ত বিৰোধিতা কৰে প্ৰতিবাদ কৰীসকলে। চৰকাৰে শীঘ্ৰে ইতিবাচক পদক্ষেপ গ্ৰহণ নকৰিলে প্ৰতিবাদ কৰীসকলে অনাগত দিনত জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷