ৰাঙাপাৰা, ১৪ জুনঃ শোণিতপুৰৰ বালিপৰা অন্তৰ্গত ৰাঙাপাৰাত ক্ৰমান্বয়ে দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে বনৰীয়া হাতীৰ সন্ত্ৰাস। বনৰীয়া হাতীৰ উপদ্ৰৱত অঞ্চলবাসীয়ে উজাগৰী নিশা কটাবলগীয়া হৈছে৷ যোৱা নিশা খাদ্যৰ সন্ধানত নামি অহা এজাক বনৰীয়া হাতীয়ে ৰাঙাপাৰাৰ কলাবিলত প্ৰৱেশ কৰি ব্যাপক ক্ষতি সাধন কৰে৷ গাঁওখনৰ বাসু মুণ্ডা, মালতী মুণ্ডা, দেবাৰু মুণ্ডা নামৰ তিনিজনকৈ লোকৰ বাসগৃহ বনৰীয়া হাতীয়ে সৰ্ম্পূণ ৰূপে ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে ভঁৰালৰ ধান খাই তহিলং কৰে। হাতীৰ গচকত নিহত হয় বহুতো পশুধনৰ। গাঁওবাসীয়ে ঘটনাৰ সন্দৰ্ভত বন বিভাগক অৱগত কৰে যদিও বিয়লি পৰ্যন্ত বন বিভাগৰ লোক উপস্থিত নোহোৱাত ক্ষুদ্ধ হৈ পৰিছে গাঁওবাসী।