ৰঙিয়া : ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিব নোৱাৰাৰ বাবে ৰাজপথত উলাই আহিছে ৰঙিয়াৰ বৰমুৰাৰ ৰাইজ। ৰাজপথত পুৰুষ-মহিলা সকলোৱে বিধায়ক ভবেশ কলিতাৰ লগতে চৰকাৰ বিৰুদ্ধে শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ।

কামৰূপ জিলাৰ ৰঙিয়াৰ বৰমুৰা-বালিসত্ৰ সংযোগী পথটোৰ আধাৰশিলা স্থাপনৰ পাঁচ মাহ পিছতো পথটোৰ ওপৰত নপৰিল এটাও শিল গুটি। নিৰ্বাচনী চমক হিচাপে বিধানসভা নিৰ্বাচনৰ পূৰ্বে সেই সময়ৰ জলসিঞ্চন মন্ত্ৰী ভবেশ কলিতাই গুৰুত্বপূৰ্ণ পথটোৰ আধাৰশিলা স্থাপন কৰিছিল। কিন্তু আধাৰশিলা স্থাপনৰ পাঁচ মাহ পিছতো পথটোৰ মেৰামতি নোহোৱাত ৰাজপথত ওলাই আহি প্ৰতিবাদী কাৰ্যাসূচী গ্ৰহণ কৰে স্থানীয় ৰাইজে।

বৰমুৰা-বালিসত্ৰ সংযোগী পথটো সকলো সময়তে একাঠু বোকা পানীৰে ভৰি থাকে। ৰাইজৰ অনুৰোধ ৰক্ষা কৰি বিধায়ক ভবেশ কলিতাই প্ৰায়ে সেই স্থানত গৈ পথ মেৰামতি কৰি যাতায়ত সুচল কৰিব বুলি আশ্বাস দি আহিছে যদিও সেয়া বাস্তৱ ক্ষেত্ৰত হৈ নুঠাত ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে কেইবাখনো গাঁৱৰ ৰাইজ। অৱশেষত ৰাইজৰ ক্ষোভ ৰূপ লয় প্ৰতিবাদৰ।

বিধায়ক ভবেশ কলিতা তথা চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদকাৰী ৰাইজে এনেধৰণৰ ভুৱা আশ্বাস-প্ৰতিশ্ৰুতিকলৈ অসন্তুষ্টি প্ৰকাশ কৰে। ইফালে জৰুৰীকালীন সময়ত জৰাজীৰ্ণ পথটোৰ বাবে বৃহত্তৰ অঞ্চলটোলৈ এম্বুলেন্স অথবা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱৰাত আন এক সমস্যাৰ সন্মুখীন হৈ আহিছে অঞ্চলটোৰ ৰাইজ।

শোচনীয় পথটো মেৰামতিৰ বাবে বিধায়ক তথা চৰকাৰক ৰাইজে বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো বিধায়ক গৰাকীৰ লগতে চৰকাৰে কোনো কানসাৰ নিদিয়াৰ অভিযোগ ৰাইজৰ। ৰাইজৰ এই জ্বলন্ত সমস্যাক গুৰুত্ব প্ৰদান কৰি অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ ক্ষুব্ধ ৰাইজে বিধায়ক গৰাকীৰ লগতে চৰকাৰক দাবী জনাইছে।

প্ৰতিবাদকাৰী ৰাইজে ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীৰ লগতে ৰাজ্য চৰকাৰখনক তীব্ৰ সমালোচনা কৰে। ৰাইজে বিভিন্ন প্ৰতিবাদী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। জৰাজীৰ্ণ পথটো অতি শীঘ্ৰে মেৰামতি নকৰিলে অনাগত দিনত বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাক উচিত প্ৰত্যুত্তৰ দিব বুলি প্ৰতিবাদকাৰী ৰাইজে সকীয়াই দিয়ে।