আজাৰা : আৰক্ষীৰ গুলীত আহত দুধৰ্ষ ডকাইত বগা ওৰফে আনোৱাৰ হুছেইন। আৰক্ষীৰ কবলৰ পৰা পলায়াৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বগাক উদ্দেশ্যি গুলী চালনা কৰিবলৈ বাধ্য হয়। উন্নত চিকিৎসাৰ বাবে দুধর্ষ ডকাইত বগাক গুৱাহাটীলৈ প্ৰেৰণ। তিনিদিন পূৰ্বে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বগাক।

পুনৰ অপৰাধীক উদ্দেশ্যি অসম আৰক্ষীৰ গুলী চালনা। দুধর্ষ ডকাইত বগা ওৰফে আনোৱাৰ হুছেইনৰ ওপৰত পলাশবাৰী আৰক্ষীৰ গুলী চালনা।বিজয়নগৰৰ “অসম ষ্টোৰ” নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হোৱা ডকাইতিকাণ্ডৰ লগত জড়িত আছিল বগা। ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী পৱন আগৰৱালক আক্ৰমণ কৰি দিন দুপৰতে বগাই লুটি নিছিল ধন।

ডকাইতিকাণ্ড সংঘটিত কৰিয়ে আত্মগোপন কৰি থকা দুধর্ষ ডকাইত বগাক আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল।দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ কালাতুলী পথাৰত সোমবাৰে নিশাৰ ভাগত আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই ৰাইজৰ সহযোগত বগাক জালত পেলাবলৈ সক্ষম হৈছিল। ইয়াৰ পিছতে পলাশবাৰী আৰক্ষীয়ে বগাৰ পুৰ্বৰ ঘটনাৰ তদন্ত বাবে লোহাৰঘাট বাগানলৈ লৈ গৈছিল।

লোহাৰঘাট বাগানৰ পৰা আৰক্ষীৰ কবলৰ পৰা বগা পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে বগাক উদ্দেশ্যি গুলী চালনা কৰিবলৈ বাধ্য হয়। আৰক্ষীৰ গুলী বগাৰ সোঁ ভৰিত লাগে। আৰক্ষীৰ গুলীত আহত দুধৰ্ষ ডেকাইত বগাক ততাতৈয়াকৈ বৰিহাটৰ প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে বগাক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।