পবিতৰা, ১৫ মেঃ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত পবিতৰা অভয়াৰণ্যলৈ আহি পৰ্যটকে এতিয়া গঁড় চাব নোৱাৰিব৷ পৰ্যটকে পবিতৰাত গঁড় চাবলৈ আহিব লাগিব অক্টোবৰ মাহত৷ হাতীৰ পিঠিত উঠি অথবা জীপ-চাফাৰী কৰি পবিতৰাৰ মনোমোহা পৰিবেশ উপভোগৰ পৰা বঞ্চিত হ’ব পৰ্যটক, কাৰণ আজিৰ পৰা বন্ধ হ’ল পবিতৰা পৰ্যটকৰ বাবে৷ বাৰিষাৰ আগমনৰ লগে লগে পবিতৰাত পৰ্যটকৰ আগমন বন্ধ কৰিলে  পবিতৰাৰ বন বিভাগে৷ পুনৰ চলিত বছৰৰ অক্টোবৰ মাহত মুকলি কৰা হ’ব পবিতৰা পৰ্যটকৰ বাবে৷ ২০১৬-১৭ বৰ্ষত  ২১,৮৯৫ জন ভাৰতীয় পৰ্যটকৰ লগতে ৪২৩ জন বিদেশী পৰ্যটক আৰু ৮৭৫ জন শিক্ষাৰ্থীয়ে পবিতৰা ভ্ৰমণ কৰিছে৷ এইবছৰ পৰ্যটকৰ পৰা মুঠ ৪০,০২,২৭৫ টকা উপাৰ্জন কৰিছে পবিতৰাই৷ উল্লেখ্য যে এশিঙীয়া গঁড় বাবে পৃথিবী বিখ্যাত পবিতৰা বনৰীয়া ম’হ আৰু গাহৰিৰ বাবেও বিখ্যাত৷ গঁড়, ম’হ, গাহৰিৰ উপৰিও এতিয়া পবিতৰা বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে বিভিন্ন প্ৰজাতিৰ চৰাই৷ বহু বিদেশী পৰ্যটক পবিতৰালৈ চৰাই চাবলৈ আৰু চৰাইৰ ফটো তুলিবলৈ আহে৷ কিছুবছৰ পূৰ্বে পবিতৰাৰ বন বিষয়া অশোক দাসে বিভিন্ন দুষ্প্ৰাপ্য চৰাইৰ ফটো নিজৰ কেমেৰাত বন্দী কৰিছিল৷ ফটোগ্ৰাফীৰ প্ৰতি দুৰ্বলতা থকা অশোক দাসৰ কেমেৰাৰ লেন্সত আবদ্ধ হৈ আছে পবিতৰা বহুতো মনোমোহা দৃশ্য৷