পত্নী নিৰ্যাতনত আত্মহত্যা চলচিত্ৰ নিৰ্মাতাৰ

In ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
Umra Package

পুনে, ১৫ মেঃ মাৰাঠী চলচিত্ৰ নিৰ্মাতা অতুল বি তপকীৰে পত্নী পৰিয়ালৰ নিৰ্যাতনত আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য হয়৷ মাৰাঠী চলচিত্ৰ নিৰ্মাতা গৰাকীয়ে আত্নহত্যাৰ পূৰ্বে ফেচবুকত দিয়া আপডেটৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে৷ উল্লেখ্য যে, অতুল বি তপকীৰৰ মৃতদেহ আৰক্ষীয়ে দেওবাৰে পুনেৰ এখন আটকধুনীয়া হোটেলৰ পৰা উদ্ধাৰ কৰে৷ এই সন্দৰ্ভত ডেক্কন আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ লগতে তপকীৰৰ মৃতদেহ মৰোণোত্তৰ পৰীক্ষাৰ কাৰণে প্ৰেৰণ কৰিছে৷ আৰক্ষীয়ে প্ৰাথমিক তদন্তত তপকীৰ ফেচবুক আপডেটৰ পৰা পত্নী তথা খুলশালীৰ নিৰ্যাতনত আত্মহত্যা কৰিবলৈ বাধ্য হোৱাৰ কথা জানিব দিয়ে৷ ফেচবুক আপডেট তপকীৰে উল্লেখ কৰে যে ঢোল তাচ চলচিত্ৰখনত হোৱা লোকচানৰ কাৰণে তেওঁ আৰ্থিক ভাবে দুৰ্বল হৈ পৰে আৰু তেওঁ পাৰিবাৰিক জীৱনটো যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে৷ পিতৃ আৰু ভগ্নীৰ পৰা যথেষ্ট সমৰ্থন লাভ কৰিছে যদিও পত্নী প্ৰিয়ংকাৰ নিৰ্যাতনৰ সন্মুখীন হ’বলগীয়া হৈছে৷ প্ৰিয়ংকাই তেওঁ ঘৰৰ পৰা উলিয়াই দিয়ে যাৰ কাৰণে ছয়মাহ ধৰি তেওঁ অঘৰী জীৱন কটাবলগীয়া হৈছে৷ তদুপৰি এই সময়ছোৱাত প্ৰিয়ংকাই তেওঁক সন্তানকো লগ কৰিব দিয়া নাই আৰু বিভিন্ন অশ্লীন ভাষাৰে গালি দিয়াৰ লগতে চুবুৰীতো তেওঁৰ বিৰুদ্ধে অপ-প্ৰচাৰ চলাইছে৷ মাৰাঠী ভাষাত লিখা আপডেটটোত তপকীৰে পত্নী প্ৰিয়ংকাই তেওঁৰ সম্বন্ধীয় ভাতৃৰ দ্বাৰা বিভিন্ন সময়ত ভাবুকি দিয়াৰ লগতে মাৰপিট কৰাৰ কথাও উল্লেখ কৰে৷ তপকীৰে আত্মহত্যাৰ নোটত পত্নী আৰু তেওঁৰ ভাতৃৰ এই আচৰণৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰাৰ কথা উল্লেখ কৰি মহিলাৰ বিৰুদ্ধে পুৰুষৰো গোচৰ শুনাৰ কাৰণে মুখ্যমন্ত্ৰীক আহ্বান জনায়৷

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu