সংঘ শিক্ষা বৰ্গৰ সামৰণি

In ৰাজ্য
Umra Package

হোজাই, ১৫ মেঃ হোজাই গীতাশ্ৰমত আৰ এছ এছৰ উত্তৰ পূৱ প্ৰান্তৰ ২০ দিনীয়া প্ৰশিক্ষণ শিবিৰ সামৰণি অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷ আৰ এছ এছ ৰ উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ক্ষেত্ৰ হোজাই গীতাশ্ৰমত ২৪ এপ্ৰিলৰ পৰা এই প্ৰশিক্ষণ আৰম্ভ হৈছিল। প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানৰ বিয়লি ভাগত গীতাশ্ৰমত সংঘ শিক্ষা বৰ্গ সমাৰোহ কাৰ্যক্ৰম বিভিন্ন কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠিত হয়৷ আৰ এছ এছৰ প্ৰান্ত-প্ৰচাৰক বশিষ্ঠ বুজৰ বৰুৱাই ভাষণ প্ৰসংগত কয় যে ভাৰতক বিশ্ব সমাজত প্ৰতিষ্ঠা কৰা আৰু হিন্দু সমাজক একত্ৰিত কৰাই হৈছে আৰ এছ এছৰ মূল লক্ষ্য৷ হিন্দু সমাজ হৈছে বিশ্বৰ প্ৰাচীনতম উন্নত বিজ্ঞানসন্মত সমাজ৷ ৰামসেতু নিৰ্মাণ সময়ৰ সমান পুৰণি হিন্দু সমাজ৷ উত্তৰ পূৰ্বাঞ্চলত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ এক সুকীয়া ঐতিহ্য আছে। ইয়াৰ সৈতে সংস্কৃতৰো এক ঐতিহাসিক সম্পৰ্ক আছে।  হিন্দু কেৱল ধৰ্মই নহয়, ই হ’ল দৰ্শন যি সত্যৰ আধাৰত প্ৰতিষ্ঠিত৷ আৰ এছ এছে ঐক্যতা, দেশপ্ৰেমৰ শিক্ষা আৰু ব্যক্তি নিৰ্মাণৰ কাম কৰি আহিছে। বহিৰাগত আৰু বিদেশী শক্তিৰ অগ্ৰাসনৰ বাবে অসমীয়া ভাষা-সংস্কৃতি বৰ্তমান নিঃশেষ হোৱাৰ উপক্ৰম হৈছে যদিও আৰ এছ এছৰ আদৰ্শ, অনুপ্ৰেৰণাত অসমীয়া ভাষা জীয়াই থাকিব৷ ইয়াৰ কাৰণে প্ৰতিজন অসমীয়াই নিজৰ জাতি ভাষাক লৈ গৌৰবাম্বিত হ’ব লাগিব৷ এই সমাৰোহ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাৰতীয় চাহ বৰ্ডৰ অধ্যক্ষ প্ৰভাত কমল বেজবৰুৱাই কয় যে আৰ এছ এছক বহুতে বেয়া পায়, সমালোচনা কৰে কিন্তু বিগত দিনত আৰ এছ এছে হিন্দুৰ উন্নতিৰ বাবে বহু কাম কৰি আছে। স্বয়ংসেৱকসকল প্ৰকৃততে সমাজ সেৱক৷ প্ৰায় ৯০ বছৰ ধৰি স্বয়ংসেৱকসকলে সেৱা আগবঢ়ায় আহিছে৷ স্বয়ংসেৱকৰ দৰে কোনোৱে সমাজৰ উন্নয়নৰ কাম কৰা নাই৷ ঐক্যতা নাথাকিলে দেশপ্ৰেম নাজাগে আৰু দেশপ্ৰেমৰ অবিহনে উন্নয়ন অসম্ভৱ৷ অন্তিম কাৰ্যসূচীত প্ৰথম শিক্ষাবর্গত অসম, নাগালেণ্ড, মেঘালয়ৰ ২২৬ জন আৰু দ্বিতীয় বৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ ১৪৪ জন শিক্ষাৰ্থীয়ে শাৰীৰিক কাৰ্যক্ৰম প্ৰদৰ্শন কৰে। অনুষ্ঠানত বিধায়ক অশোক সিংহল, নাৰায়ণ ডেকা, প্ৰান্তীয় প্ৰচাৰ প্ৰমুখ শংকৰ দাস, বিজেপি মুখপাত্ৰ জয়ন্ত দাসকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই প্ৰশিক্ষণ সমাৰোহত আৰ এছ এছ প্ৰধান মোহন ভাগৱত হোজাইত উপস্থিত হৈ চাৰিদিন হোজাইত বাহৰ পাতি প্ৰশিক্ষার্থী সকলক মাৰ্গ দৰ্শন কৰিছিল। এই কার্যসূচীত আৰ এছ এছৰ প্ৰান্ত সংঘ চালক ডঃ ভূপেন শৰ্মা, সৰ্বাধিকাৰী ৰমেন শৰ্মা, বৰ্গধিকাৰী বিলীন চন্দ্ৰ ভৰালী, বৰ্গ বাৰ্তা বাহক ‌‌‌ সৌনিশ চক্ৰৱৰ্তী, কেশৱ ভূঞা, হেম খাউণ্ড আদিয়ে যোগদান কৰে। এই প্ৰশিক্ষণ শিবিৰ হোজাই জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকে ধৰি উচ্চপদস্থ বিষয়াসকলে নিৰাপত্তাৰ দিশ চোৱাচিতা কৰিছিল। বিগত সময় চোৱাত গীতাশ্ৰমৰ ভিতৰে বাহিৰে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছিল। 

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu