নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৬ জুলাই : দিনজোৰা বিতৰ্কৰ অন্তত বৃহস্পতিবাৰে সন্ধিয়া গৃহীত কৰা হয় তিনি তালাক বিধেয়ক। এই বিধেয়কখনৰ পক্ষত ৩০৩টা ভোট পৰাৰ বিপৰীতে বিপক্ষে পৰিল ৮২টা ভোট। কংগ্ৰেছ, ডিএমকে, এনচিপি, টিডিপি আৰু জেডিইউ–এ এই বিধেয়কখনৰ বিৰোধিতা কৰিছিল। এতিয়া এই বিধেয়কখন ৰাজ্যসভাত গৃহীত কৰাৰ প্ৰত্যাহ্বান চৰকাৰৰ সন্মুখত, য’ত এন ডি এৰ নাই সংখ্যাগৰিষ্ঠতা।

উল্লেখ্য যে লোকসভাৰ বিগত অধিৱেশনতো এই বিধেয়কখন গৃহীত হৈছিল যদিও থমকি ৰৈছিল ৰাজ্যসভাত। ১৬সংখ্যক লোকসভাৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত মোদী চৰকাৰে কিছু সালসলনিৰে এই বিধেয়কখন দ্বিতীয়বাৰলৈ লৈ আহে। ইয়াৰ লগতে সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে লোকসভাৰ অধিৱেশন ৭ আগষ্টলৈ বৃদ্ধি কৰাৰ দাবী তুলিছিল। যাৰ ফলত লোকসভাৰ অধ্যক্ষৰ অনুমতিমৰ্মে ৭ আগষ্টলৈ বৃদ্ধি কৰা হয় অধিৱেশনৰ সময়।

লোকসভাত তিনি তালাক বিধেয়কখন বিবেচনাৰ বাবে দাখিল কৰিবলৈ ভোটিং কৰোৱা হয়। বিধেয়কখনৰ পক্ষত ৩০৩টা আৰু বিপক্ষে ৮২টা ভোট পৰে। লগে লগে বিধেয়কখন দাখিল কৰাৰ প্ৰস্তাৱ গৃহীত হয়। ইয়াৰ পিছত বিধেয়কখনত সংশোধনক লৈ ভোটিং অনুষ্ঠিত হয় আৰু অ’ৱেছীৰ ফালৰ পৰা অনা সংশোধনক সদনত ধ্বনিভোটত খাৰিজ কৰা হয়। অ’ৱেছীৰ ফালৰ পৰা দিয়া দ্বিতীয়টো সংশোধনো খাৰিজ কৰা হয় সদনত। এন কে প্ৰেমচন্দ্ৰৰ সংশোধন প্ৰস্তাৱো খাৰিজ কৰে সদনে। বিধেয়কখনৰ বিৰোধিতাৰে কংগ্ৰেছ, জে ডি ইউ আৰু তৃণমূল কংগ্ৰেছে ভোটিঙৰ সময়ত সদন ত্যাগ কৰে।