মানকাচৰ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ টাকীমাৰী গাঁৱত দেওবাৰে নিশা সুখচৰ আৰক্ষীয়ে জুৱা খেলৰ বিৰুদ্ধে এক অভিযান চলায়। আৰক্ষীয়ে অভিযানকালত হত্যাৰ অভিযুক্তসহ ৬ জনকৈ জুৱাৰীক গ্ৰেপ্তাৰ কৰে।

এক গোপন খবৰৰ ভিত্তিত নিশাৰ ভাগত সুখচৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে টাকীমাৰী গাঁৱত অভিযান চলায়। গাঁওখনৰ এটা পৰিত্যক্ত ঘৰত জুৱা খেলি থকা অৱস্থাত ৬ জন জুৱাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জুৱাৰ সামগ্ৰীসহ নগদ ধন জব্দ কৰে।

আৰক্ষীয়ে সোমবাৰে জুৱাৰী ৬ জনক হাটশিঙিমাৰী মহকুমা ন্যায়িক আদালতত হাজিৰ কৰাত আদালতে জুৱাৰী কেইজনক ধুবুৰী জেললৈ প্ৰেৰণ কৰে। ধৃত জুৱাৰী কেইজন হৈছে হাফিজুৰ ৰহমান, ছয়নাল হক, ফাজিদুৰ ইছলাম, নুৰ ইছলাম, মফিদুল ইছলাম আৰু জিয়াদুৰ ৰহমান।

উল্লেখ্য যে ধৃত জুৱাৰী হাফিজুৰ ৰহমান এটা হত্যাকাণ্ডৰ মুল অভিযুক্ত। ২০১৬ চনৰ এপ্ৰিল মাহত চুবুৰীয়া ৰাজ্য মেঘালয়ৰ ফুলবাৰী থানা এলেকাত জাকিৰ হুছেইন নামৰ শ্ৰমিক এজনক গুৱাহাটীৰ পৰা ঘৰলৈ উভতাৰ পথত ডেগাৰেৰে হত্যা কৰি হাফিজুৰ ৰহমান আত্মগোপন কৰি আছিল।