গুৱাহাটী, ২৪ মে’ : পোহৰলৈ আহিছে জোনমণিকাণ্ডৰ ন ন তথ্য। জোনমণিকাণ্ডত নাম সাঙোৰ খোৱা আৰক্ষী বিষয়াক নিলম্বন। নগাঁও সদৰ থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী মনোজ ৰাজবংশীক (Manoj Rajbanshi) নিলম্বন কৰা হৈছে। চি আই ডিয়ে জেৰা চলাইছিল আৰক্ষী বিষয়া মনোজ ৰাজবংশীক। কিছুদিন পূৰ্বে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল নগাঁও সদৰ থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী মনোজ ৰাজবংশীক।

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ এক ৰহস্যজনক পথ দুর্ঘটনাত মৃত্যু হোৱাৰ ঘটনাৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। জোনমণি ৰাভাৰ মৃত্যু লগত নাম সাঙোৰ খোৱা নগাঁও সদৰ আৰক্ষী থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী মনোজ ৰাজবংশীক বুধবাৰে (২৪ মে’) নিলম্বন কৰা হয়। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা মনোজ ৰাজবংশীক নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰা হয়। জোনমণি ৰাভাৰ মৃত্যুৰ লগত নাম সাঙোৰ খোৱা মনোজ ৰাজবংশীক চি আই ডিয়ে জেৰা।চলোৱাৰ পিছতে ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল।

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুক সহজে মানি ল’ব পৰা নাই জোনমণি ৰাভাৰ পৰিয়ালৰ লগতে ৰাজ্যবাসী। জোনমণি ৰাভাৰ মৃত্যুৰ আঁৰত এক ৰহস্য থকা বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে। কাৰণ জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছিল ৰাজ্যত চলি থকা নকল সোণ আৰু জাল নোট চক্ৰৰ এক ভয়াবহ তথ্য। জোনমণি ৰাভাৰ মৃত্যুৰ কাৰণো এই নকল সোণ আৰু জাল নোট চক্ৰ বুলি সন্দেহ কৰা হৈছে। এই নকল সোণ আৰু জাল নোট চক্ৰৰ লগত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধেও।

জোনমণি ৰাভাৰ ৰহস্যজনক পথ দুর্ঘটনাত মৃত্যু হোৱাৰ ঘটনাৰ তদন্ত চলাই আছে চি আই ডিয়ে। ইতিমধ্যে চি আই ডিয়ে জেৰা কৰিছে জোনমণি ৰাভাৰ মৃত্যুৰ লগত নাম সাঙোৰ খোৱা আৰক্ষী বিষয়া সকলক। সন্দেহৰ আওতালৈ অহা পাঁচজনকৈ আৰক্ষী বিষয়াক জেৰা চলাইছিল চি আই ডিয়ে। এই পাঁচজন আৰক্ষী বিষয়াৰ ভিতৰত আছিল নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপজ্যোতি কলিতা, নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ ৰাজবংশী, হায়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভা, উত্তৰ লখিমপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতা আৰু নাওবৈচাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ বৰা।

চি আই ডিৰ জেৰাৰ পিছতে এই পাঁচজন আৰক্ষী বিষয়াক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল। এই পাঁচজন আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্ল’জ কৰাৰ লগতে বদলি কৰা হৈছিল নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলে আৰু লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক। অসম আৰক্ষীয়ে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত চি বি আইৰ হাতত অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কিছুদিন পুর্বে ঘোষণা কৰিছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে। বৰ্তমানলৈকে চি বি আইয়ে জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত নিজৰ হাতলৈ লোৱা নাই বাবে চি আই ডিয়ে ইয়াৰ তদন্ত অব্যাহত।ৰাখিছে।