গুৱাহাটী : উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। থাওৰা, তামুলপুৰ আৰু গোঁসাইগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছ দলে। মৰিয়নি আৰু ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম শীঘ্ৰে ঘোষণা কৰিব কংগ্ৰেছে।

অহা ৩০ অক্টোবৰত ৰাজ্যৰ পাঁচটাকৈ সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন। থাওৰা, তামুলপুৰ, গোঁসাইগাঁও, মৰিয়নি আৰু ভৱানীপুৰ সমষ্টিত ৩০ অক্টোবৰত অনুষ্ঠিত হ’ব নিৰ্বাচন। উপ-নিৰ্বাচনকলৈ ইতিমধ্যে শাসক আৰু বিৰোধী দল সমূহ কঁকালত টঙালি বান্ধিছে।

উপ-নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ বাবে ইতিমধ্যে কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ একত্ৰিত হৈছে। ৰাইজৰ দলৰ লগত আলোচনা অব্যাহত আছে যদিও এতিয়ালৈকে সিদ্ধান্ত চূড়ান্ত হোৱা নাই। ইয়াৰ মাজতে কংগ্ৰেছ দলে উপ-নিৰ্বাচনৰ বাবে তিনিটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে।

থাওৰা, তামুলপুৰ আৰু গোঁসাইগাঁও সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কংগ্ৰেছ দলে। থাওৰা সমষ্টিত মনোৰঞ্জন কোঁৱৰ, গোঁসাইগাঁও সমষ্টিত জুৱেল টুডু আৰু তামুলপুৰ সমষ্টিত ভাস্কৰ দাহালক উপ-নিৰ্বাচনৰ টিকট প্ৰদান কৰিছে কংগ্ৰেছ দলে। বাকী থকা মৰিয়নি আৰু ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম শীঘ্ৰে ঘোষণা কৰিব কংগ্ৰেছে।

উল্লেখ্য যে বিজেপিয়ে ইতিমধ্যে তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিজেপিয়ে থাওৰা, মৰিয়নি আৰু ভৱানীপুৰ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। থাওৰা সমষ্টিৰ সুশান্ত বৰগোহাঁই, মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মী আৰু ভাৱনীপুৰ সমষ্টিত ফণী তালুকদাৰক টিকট প্রদান কৰিছে বিজেপিয়ে। আনহাতে গোঁসাইগাঁও আৰু তামুলপুৰ সমষ্টি ইউপিপিএল দলক এৰি দিছে বিজেপিয়ে।