যতীন নাথ

মাজবাট : সমগ্র ভাৰতবৰ্ষৰ লগতে ওদালগুৰি জিলাৰ মাজবাটৰ ৰাজহুৱা খেলপথাৰত মাজবাট স্থানীয় প্ৰশাসন আৰু ৰাইজৰ উদ্যোগত উদযাপন কৰা হয় ৭৫ সংখ্যক স্বাধীনতা দিৱস। ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি পুৱা স্বাধীনতা আন্দোলনত শ্বহীদ সকলক সন্মান জনাই শ্বহীদ বেদীত পুষ্পাঞ্জলি অৰ্পন কৰে অৱসৰ প্রাপ্ত শিক্ষক ধীৰেন্দ্র ৰাভাই।পুষ্পাঞ্জলি অৰ্পনৰ পিছতেই বন্তি প্রজ্বলন কৰে ৩৯ নং পাচঁনৈ ছেৰফাং পৰিষদিয় সমষ্টিৰ এম চি এল এ দীপক মৌৰে।

ইয়াৰ পিছতে পতাকা উত্তোলন কৰে মাজবাট ৰাজহ চক্রৰ চক্র বিষয়া উৎপল কুমাৰ ডেকাই। পতাকা উত্তোলন কৰি ৰাজহ চক্র বিষয়া গৰাকীয়ে ৰাইজৰ ওচৰত ভাষণ ৰাখি কয় যে সমগ্র বিশ্বৰ লগতে আমাৰ অসমতো ক’ভিড মহামাৰীয়ে সন্ত্ৰাস চলাই আছে। চক্ৰ বিষয়া গৰাকীয়ে মাজবাট অঞ্চলবাসীক ভেকচিন গ্ৰহণ কৰি মাজবাট অঞ্চলটোক ক’ভিডমুক্ত কৰিবলৈ আহ্বান জনায়। ইয়াৰ পিছতে দেশভক্তি মুলক গীত পৰিবেশন কৰে মাজবাটৰ স্থানীয় শিল্প সকলে।

৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপনস্থলিত উপস্থিত থাকে মাজবাটস্থিত মাদৰাজ ৰেজিমেন্টৰ সেনা বিষয়া ৰাজেশ কুমাৰ, মাজবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিন্টু সন্দিকৈ, মাজবাট শ্রম পৰিদৰ্শক বিষয়া ডেইজি ৰায় চৌধুৰী, মাজবাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া চম্পক শৰ্মা, ৩৯ নং পাচঁনৈ ছেৰফাং পৰিষদিয় সমষ্টিৰ প্ৰাক্তন এম চি এল এ জীতু কিষাণৰ লগতে বহু চৰকাৰী বিষয়া আৰু ৰাইজ।