গুৱাহাটী, সংবাদ ৩৬৫, ১৭ ছেপ্টেম্বৰ : গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হত্যাকাণ্ড। ইছলিম আলি নামৰ এজনে হত্যা কৰিলে চন্দন ধৰ নামৰ এজন ব্যক্তিক । হত্যা কাণ্ড সংঘটিত কৰি পলাই যোৱা ইচলাম আলীক ভঙাগড়ৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ । ইছলামৰ ঘৰ বিজনীৰ শুনাইকলাত আৰু মৃত চন্দন ধৰৰ ঘৰ নতুন বজাৰ, বশিষ্ঠ চাৰিআলিত।

মংগলবাৰে পুৱা প্ৰায় ৬ বজাত সংঘটিত হয় এই হত্যাকাণ্ড। ইছলাম আলি আৰু চন্দন ধৰ দুয়োজনৰে পত্নী চিকিৎসাধীন হৈ আছিল প্ৰসূতি বিভাগৰ আই চি ইউত।

ইতিমধ্যে আৰক্ষীয়ে ৩৯৯/১৯ গোচৰত তথা ৩০২ ধাৰাত নিজে গোচৰ ৰুজু কৰি অভিযুক্ত ইছলামক গ্ৰেপ্তাৰ কৰে।

জানিবলৈ পোৱা তথ্য অনুসৰি পুৱা মৃত চন্দন ধৰে হাতত পানী নি থকা অৱস্থাত মূৰ ঘূৰাই পৰি যায় বিপৰীত দিশৰ পৰা আহি থকা ইছলাম আলিৰ পত্নীৰ গাত। তাৰ পাছতে চন্দনক আক্ৰমণ কৰে পত্নীৰ লগত থকা ইছলামে। যাৰ ফলত থিতাতে নিহত হয় চন্দন ধৰ ।