কলগাছিয়া, সংবাদ৩৬৫, ২১ ছেপ্টেম্বৰ : কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কলগাছিয়াৰ পৰা মোৱামাৰী হৈ সৰভোগলৈ যোৱা গড়কাপ্তানী পথটো বানপানীত কেইবা ঠাইত ভাঙি যোৱাৰ ফলত কাচুকাটি, মোৱামাৰী, গলিয়া আৰু কাউৰজাহী গাঁৱৰ শ শ ৰাইজে জমৰ যাতনা ভুগিব লগা হৈছে।

গড়কাপ্তানি পথটো ভাঙি ছিঙি জৰাজীৰ্ণ হৈ পৰাত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে চাৰিচকীয়া বাহনৰ চলাচল। ফলত ১০৮ এম্বুলেন্স সেৱা, অগ্নিনিৰ্বাপক বাহিনীৰ দৰে জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হব লগা হৈছে উক্ত চাৰিখন গাঁৱৰ ৰাইজে।

তদুপৰি গাঁও সমূহৰ শ শ ছাত্ৰ ছাত্ৰীয়েও যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হৈছে। জিলা প্ৰশাসন, জনপ্ৰতিনিধি এতিয়ালৈ খবৰ লোৱা নাই আৰু তাৰ লগতে বৰপেটাৰ নৱ নিৰ্বাচিত সাংসদ আব্দুল খালেকে বানাক্ৰান্ত অঞ্চলত কেনে ধৰণৰ ক্ষতি হৈছে কি অৱস্থাত আছে এতিয়ালৈ বুজ লব পৰা নাই। কেৱল কলগাছিয়াত আহি দিল্লীলৈ গুচি যায় কিন্তু সমষ্টিৰ কোনো ধৰণৰ খবৰ লোৱা নাই। গতিকে স্থানীয় ৰাইজে অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ চৰকাৰক দাবী জনায় ।