নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ : ডিমৌত ভয়াবহ পথ দুৰ্ঘটনা। পুৱা ৮.৩০ বজাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। ডিমৌৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত বাছ আৰু ট্ৰেভেলাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলত সৃষ্টি হয় এই শোকাবহ পথ দুৰ্ঘটনাটোৰ।

গোলাঘাটৰ পৰা ডিব্ৰুগড়মুখী আছিল বাছখন আৰু ট্ৰেভেলাৰখনো আহি আছিল বিপৰীত দিশৰ পৰা । দুয়োখন বাহনেই আহি আছিল তীব্ৰ বেগত । বৰষুণৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই বাছখনে খুন্দা মাৰে ট্ৰেভেলাৰখনত ।

জানিব পৰা অনুসৰি এই দুৰ্ঘটনাটোত ১১ জন যাত্ৰী নিহত হৈছে । ১৫ জন যাত্ৰীক সংকটজনক অৱস্থাত প্ৰেৰণ কৰা হৈছে ডিব্ৰুগড় আদৰ্শ চিকিৎসালয়লৈ ।

দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ এএছ০৫ চি ৫৯৯৯ আৰু ট্ৰেভেলাৰখনৰ নম্বৰ এএছ ২৩বিচি ৬৮৭৮।