বৰপেটা, সংবাদ ৩৬৫, ২২ ছেপ্টেম্বৰ : শনিবাৰে বৰপেটা জিলাৰ ফিঙুৱা (মিল চ’কত) সদৌ বৰপেটা জিলা জুলহা জনগোষ্ঠীৰ উদ্যোগত বৰপেটা জিলাৰ অন্যান্য পিছপৰা শ্ৰেণী সন্মিলনীৰ এখন বিশাল সভা অনুষ্ঠিত হয়। সভাত সভাপতিত্ব কৰে অনিৰুদ্ধ দাসে।

সভাত সদৌ অসম অন্যান্য পিচপৰা শ্ৰেণী সন্মিলনীৰ সভাপতি অমৰ গগৈ, সম্পাদক বসন্ত কুমাৰ, সাংগঠনিক সম্পাদক মনমোহন তালুদাৰ, হৰেন্দ্ৰ -চিত্ৰা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ছৈয়দ তহিবৰ ৰহমানে ধৰি ভালে সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি বৰপেটা জিলাৰ জুলহা সকলৰ সমস্যা সমূহ হৃদয়ঙ্গম কৰে।

সন্মিলনীখন অনুষ্ঠিত কৰাৰ মূল উদ্দেশ্য আছিল যে, বৰপেটা জিলাৰ জুলহা সকলক পিচপৰা শ্ৰেণীত অন্তভুৰ্ক্ত কৰা। অৱশ্যে সদৌ অসম অন্যান্য পিচপৰা শ্ৰেণী সন্মিলনীৰ নেতৃত্বাধীন ব্যক্তি সকলে বৰপেটা জিলাৰ জুলহা সকলৰ দাবী ন্যায্য বুলি স্বীকাৰ কৰে। বৰপেটা জিলা জুলহা সকলে অন্যান্য পিচপৰা শ্ৰেণীত বা পিচপৰা জনগোষ্ঠী হিচাপে স্বীকৃতি পাবলৈ হ’লে বৌদ্ধিক যুঁজৰ আৱশ্যক হ’ব বুলি দোহাৰে। তাৰ বাবে সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।