নলবাৰী, ২০ মেঃ মানৱ সম্পদ গঢ়াৰ লক্ষ্যৰে সুদীৰ্ঘ ৩৬ বছৰ শিক্ষকতাত নিয়োজিত তামুলপুৰৰ কৃতী শিক্ষক শ্ৰীপতি বৰাই অৱসৰ লয়৷ আৰ্থিক দৈন্যতাৰ বাবে হালৰ মুঠিত ধৰা এইগৰাকী কৃতী শিক্ষকে চাকৰি কালত মাত্ৰ তিনি বছৰ চৰকাৰী বেতন লাভ কৰি অৱসৰ লয়। শ্ৰীপতি বৰাই ১৯৮১ চনত কেইগৰাকীমান শিক্ষকক লগত লৈ পশ্চিম তামুলপুৰ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰি প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকৰ দায়িত্বভাৰ পালন কৰে৷ কিন্তু বিদ্যালয়খনৰ প্ৰাদেশীকৰণ নোহোৱাত আৰ্থিক ভাৱে জৰুলা হৈ পৰে শিক্ষক গৰাকী। আৰ্থিক দৈন্যতাৰ মাজতে ২০০৪ চনত শিক্ষক বৰাৰ পত্নীৰ মৃত্যু হয়৷ এই সকলো ঘাট-প্ৰতিঘাট নেওচি বৰাই শিক্ষকতা ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ কাৰণে ২০০৭ চনত কৃতী শিক্ষকৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়৷ এই সময়ছোৱাত শিক্ষক বৰাই মাতৃহাৰা দুই পুত্ৰক গঢ় দিবলৈ হালৰ মুঠিতো ধৰিবলৈ বাধ্য হৈছিল। অৱশেষত ২০১২ চনত বিদ্যালয় খনৰ প্ৰাদেশীকৰণ হোৱাৰ পিছত বৰাৰ মুখত অলপ হাঁহি বিৰিঙিছিল৷ কিন্তু মাত্ৰ তিনিটা বছৰ চৰকাৰী বেতন লাভ কৰাৰ পিছত শিক্ষকগৰাকীয়ে অৱসৰ লয়।