জোনমণি বেগম 

বিশ্বনাথ : অতি শীঘ্ৰে বিশ্বনাথ ঘাটৰ পৰা উমাটুমণি নদী দ্বীপলৈকে প্ৰস্তাৱিত ‘ৰোপওৱে’ৰ নিৰ্মাণৰ কাম শুভাৰাম্ভ হ’ব। অহা ২ জানুৱাৰীত বিশ্বনাথলৈ আহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।বৃহস্পতিবাৰে বিশ্বনাথত উপস্থিত হৈ বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পিযুষ হ‍জৰিকাই প্ৰস্তাৱিত ‘ৰোপওৱে’ৰ নিৰ্মাণ সন্দৰ্ভত জানিবলৈ দিয়ে। 

বিশ্বনাথ জিলাৰ উপায়ুক্ত কাৰ্যলয়ত মন্ত্ৰী গৰাকীয়ে এখন সভাত অংশ গ্ৰহণ কৰিবলৈ বিশ্বনাথ লৈ আহি সভাত অংশ গ্ৰহণ কৰাৰ পূৰ্বেই মন্ত্ৰী গৰাকীয়ে  বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,গহপুৰৰ বিধায়ক উৎপল বৰা আৰু বিশ্বনাথ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰক লগত লৈ উপস্থিত হয় গুপ্তকাশী বিশ্বনাথ ঘাটত। মন্ত্ৰী গাৰকীয়ে বিশ্বনাথ ঘাটৰ পৰা নদী দ্বীপ উমাটুমণি লৈকে প্ৰস্তাবিত ‘ৰোপওৱে’ ৰ স্থান পৰিদৰ্শন কৰে।

মন্ত্রী গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে যে, বিশ্বনাথত অহা ২ তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাৰ মাইক্ৰ ফাইনেঞ্চৰ ঋণ মাফৰ চেক প্ৰদান অনুষ্ঠানত অংশ গ্ৰহণ কৰিবলৈ আহিব। এই কাৰ্যসূচীতে যদি সম্ভৱ হয়, মুখ্যমন্ত্ৰীয়ে গুপ্তকাশী বিশ্বনাথ ঘাটৰ ‘ৰোপওৱে’ৰ আধাৰশিলা স্থাপন কৰিব।ইতিমধ্যে বিশ্বনাথ ঘাটত এই ‘ৰোপওৱে’ নিৰ্মাণৰ বাবে যাৱতীয় সকলো কাম কৰা হৈছে।

কেৱল এটা বিভাগৰ পৰা এই ‘ৰোপওৱে’ নিৰ্মাণৰ বাবে অনুজ্ঞাপত্ৰ পোৱা নাই বাবে দিল্লীত এই অনুজ্ঞাপত্ৰৰ বাবে সাসংদ পল্লব লোচন দাসে প্ৰচেষ্টা চলাই আছে। অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছতে বিশ্বনাথবাসীৰ যি দীৰ্ঘদিনীয়া দাবী ‘ৰোপওৱে’ কাম শুভাৰম্ভ কৰা হ’ব। আনহাতে গুপ্তকাশী বিশ্বনাথ ঘাটত এই ‘ৰোপওৱে’ নিৰ্মাণ হ’লে পৰ্যাটনৰ ক্ষেত্ৰত বিশ্বনাথ এক নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হ’ব বুলিও উল্লেখ কৰে মন্ত্ৰী পিযুষ হ‍জৰিকাই।